গৰমৰ সময়ছোৱাত শালমাইনাৰ সমস্যা যথেষ্ট বৃদ্ধি হোৱা দেখা যায় । বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত এই সমস্যা এই সমস্যা অধিক হোৱা দেখা যায় । হ’ৰমনৰ বিসংগতিৰ বাবে এই সমস্যা অধিক হোৱা দেখা যায় ।
শালমাইনাৰ সমস্যাৰ পৰা ঘৰুৱা উপায়েৰে পৰিত্ৰাণৰ উপায় ?
- শালমইনাৰ সমস্যা পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা ভাৱেও যতন ল'ব পাৰি । এই ক্ষেত্ৰত প্ৰথম কৰণীয়টো হৈছে ছালখন সদায় আমি পৰিষ্কাৰকৈ ৰাখিব লাগে । যিকোনো সমস্যা বাবে আমি যদি আমাৰ ছালখন পৰিষ্কাৰকৈ ৰাখো তেন্তে তাত কোনো সংক্ৰমণ হ'ব নোৱাৰে । যি সকল লোকৰ ছাল বেছি তেলেতিয়া হয়, আৰু তেওঁলোকে যদি শালমইনাৰ সমস্যাত ভুগিছে তেন্তে তেওঁলোকে ৰাতিপুৱা, গধূলি আৰু ৰাতি শুৱাৰ পূৰ্বে তিনিবাৰ ভালদৰে ফেছৱাছৰে ছালখন পৰিষ্কাৰ কৰিব লাগে ।
- যি সকল লোকৰ হ’ৰমনৰ বিসংগতি থাকে তেওঁলোকে থেৰেপী কৰিব লাগে । তাৰ উপৰিও তেওঁলোকে ঘৰুৱা ভাবেও যতন ল'ব পাৰে ।
- শালমইনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে সদায় তেল-মছলাযুক্ত খাদ্য কমাই খাব লাগে । প্ৰচুৰ পৰিমাণে পানী খাব লাগে । বিশেষকৈ গৰমৰ সময়ছোৱা ডাৱ নাৰিকলৰ পানী, সতেজ ফলৰ ৰস, নেমু পানী আদি নিয়মিত ভাৱে খাব লাগে । ইয়াৰোপৰি দৈ খোৱাটো শৰীৰৰ বাবে ভাল । দৈয়ে ছালৰ যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা আমাক ৰক্ষা কৰি ৰাখে ।
ঘৰুৱা পদ্ধতিৰে শালমাইনাৰ পৰা পৰিত্ৰাণৰ উপায়