অসম

assam

ETV Bharat / sukhibhava

এইবাৰ ভোগালীত মন ভৰি খাওক দৈ-চিৰা আৰু লাভ কৰক এই উপকাৰিতা

Doi-Sira Benefits: চাওতে চাওতে পদূলিমুখ পালেহি হেপাঁহৰ ভোগালী বিহু ৷ কাইলৈ উৰুকা গতিকে এই সময়ছোৱাত বিভিন্ন ধৰণৰ খাদ্যৰে নদন-বদন হৈ থাকে অসমীয়াৰ পাকঘৰ ৷ কিন্তু এই খাদ্য সম্ভাৰৰ মাজতে দৈ-চিৰা অবিহনে যেন ভোগালী বিহুৰ আনন্দ আধৰুৱা সেয়ে এই ভোগৰ উৎসৱত আহক জানো দৈ-চিৰা খোৱাৰ উপকাৰিতা-

Bhogali Bihu special Amazing health benefits of eating Doi-Sira
এইবাৰ ভোগালীত মন ভৰি খাওক দৈ-চিৰা আৰু লাভ কৰক এই উপকাৰিতা

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:27 AM IST

নতুন বছৰৰ লগে লগে উৎসৱৰ ধাৰাবাহিকতাও আৰম্ভ হৈ যায় ৷ কাইলৈ ভোগালীৰ উৰুকা আৰু দুটা দিনৰ পাছত দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হ’ব মকৰ সংক্ৰান্তিৰ উৎসৱ ৷ অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে ভোগালীক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ সাজু হৈছে ভেলাঘৰ-মেজি ৷ উৰুকাৰ নিশা ভেলাঘৰত হাঁহে-মাহে তৃপ্তিৰে এসাঁজ নোখোৱালৈকে যেন ভোগালীৰ আনন্দ আধৰুৱা ৷

কিন্তু ভোগালী বুলি ক’লেই প্ৰথমে আমাৰ মনলৈ অহা খাদ্যবিধ হৈছে দৈ-চিৰা ৷ ম’হৰ এঠা দৈৰ সৈতে চিৰা এবাতি নহ'লে যেন ভোগৰ ভোগালী অসম্পূৰ্ণ । অসমত দৈ-চিৰা খোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে ৷

দেখা যায় যে এই দিনটোত দেশৰ বহু ঠাইত বিহুৰ লগতে মকৰ সংক্ৰান্তিৰ দিনা দৈ-চিৰা খোৱা হয় ৷ কেৱল অসমেই নহয় উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত এই খাদ্য অতি উৎসাহেৰে খোৱা হয় ৷ মকৰ সংক্ৰান্তিৰ দিনা দৈ-চিৰা খালে সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷ ব্ৰেকফাষ্টতো বহুতে খাই ভাল পায় ৷ সোৱাদযুক্ত হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী ৷ তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে দৈ-চিৰা খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

পাচনতন্ত্ৰ ভালে ৰাখে

যদি আপুনি প্ৰায়ে পাচনতন্ত্ৰৰ সমস্যাত অসুবিধা পায়, তেন্তে দৈ-চিৰাই আপোনাক এই সমস্যাৰ পৰা সকাহ দিব পাৰে ৷ দৈত থকা ভাল বেক্টেৰিয়াই আমাৰ পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে ৷ পুৱা ব্ৰেকফাষ্টত খালে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা দূৰ হয় ৷

ওজন নিয়ন্ত্ৰণ কৰা

দৈ-চিৰাইও আপোনাৰ ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে ৷ আচলতে ইয়াক খালে পেটটো বহু সময়লৈকে ভৰি থাকে ৷ পেট ভৰি থকাৰ বাবে ভোক কমি যায়, যাৰ ফলত অতিৰিক্ত খাদ্য খাব নোৱাৰে আৰু তেনেকৈয়ে ওজন কমোৱাত সহায় কৰে ৷

বেয়া কলেষ্টেৰল হ্ৰাস কৰে

বেয়া কলেষ্টেৰল আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ এনে পৰিস্থিতিত শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি হোৱাত বাধা দিয়াটো গুৰুত্বপূৰ্ণ ৷ এই ক্ষেত্ৰত দৈ-চিৰাই আপোনাক সহায় কৰিব পাৰে ৷ এইখিনি খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত হাৰ্ট এটাকৰ সম্ভাৱনাও হ্ৰাস পায় ৷

ৰক্তহীনতা

শৰীৰত আইৰণৰ অভাৱ হ’লে ৰক্তহীনতা হ’ব পাৰে, যাৰ ফলত কেতিয়াবা ভয়াৱহ পৰিণতি হ’ব পাৰে ৷ এনে পৰিস্থিতিত দৈ মিহলি গুড় খালে ৰক্তহীনতাৰ দৰে গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস পাব পাৰে ৷

লগতে পঢ়ক:ভোগালী বিহু উপলক্ষে ঘৰতে অতি সহজে প্ৰস্তুত কৰক তিল চিকেন

ABOUT THE AUTHOR

...view details