ভাৰত বায়’টেকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে লাভ কৰিছে ডিচিজিআইৰ অনুমোদন(Bharat Biotech's intranasal Covid vaccine) । স্বাস্থ্যমন্ত্ৰী ড৹ মানসুখ মাণ্ডভিয়াই এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য । এয়া হ’ব ভাৰতৰ প্ৰথমটো নাকৰ ভেকচিন । ইয়াৰ ফলত ভাৰতত ক’ৰণাৰ বিৰুদ্ধে চলি থকা যুদ্ধত এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, ভাৰতে এতিয়ালৈকে ১০০ কোটি ক’ভিড টিকাকৰণ কৰি অভিলেখ গঢ়িছে(Bharat Biotech's intranasal Covid vaccine) ।
এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডভিয়াই(Mansukh Madaviya) টুইটত কয় যে, ক'ভিড ১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতে এক ডাঙৰ সফলতা অৰ্জন কৰিছে । ডিচিজিআইৰ অনুমোদন লাভ কৰিছে ভাৰত বায়’টেকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিনে । তেওঁ লগতে কয় যে, ইয়াৰ পিছত জৰুৰীকালীন অৱস্থাত ভাৰতত ১৮ বছৰৰ উৰ্ধৰ লোকসকলক এই ভেকচিন প্ৰদান কৰিব পাৰিব ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন এক টুইটত লিখে যে, ইন্ট্ৰানেজেল ভেকচিন অহাৰ পাছত ভাৰতে ক’ৰণা মহামাৰীৰ সৈতে ভালদৰে যুঁজিবলৈ সক্ষম হ’ব ৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বিজ্ঞান, গৱেষণা আৰু ইয়াৰ সম্পদসমূহ ভালদৰে ব্যৱহাৰ কৰিছে । এই বৈজ্ঞানিক পন্থা আৰু সকলোৰে প্ৰচেষ্টাৰে ভাৰতে কৰ’নাক সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ সক্ষম হ’ব ।
উল্লেখ্য যে, নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলত ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ (COVID-19 intranasal vaccine) সুৰক্ষিত, সুসহনীয়, আৰু ইমিউন'জেনিক বুলি প্ৰমাণিত হৈছে । ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইয়াৰ মূল্যায়ন কৰি এই ভেকচিনৰ সফল ফলাফল পোৱা গৈছিল(COVID 19 intranasal vaccine Phase III trials over) ।
BBV154 ভেকচিন বিশেষভাৱে নাকৰ দ্বাৰা দিব পৰাকৈ প্ৰস্তুত কৰা হৈছে । তদুপৰি, কম আৰু মধ্যম আয়ৰ দেশসমূহত ব্যয়বহুল হ'ব পৰাকৈ intranasal delivery ব্যৱস্থাটো ডিজাইন আৰু বিকশিত কৰা হৈছে বুলি ভেকচিন নিৰ্মাতা কোম্পানীটোৰ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইতিমধ্যে উল্লেখ কৰিছে ।