প্ৰতি বছৰে মাৰ্চ মাহৰ ৩ তাৰিখে বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয় ৷ যাতে শ্ৰৱণ শক্তি হ্ৰাস হোৱা আৰু বধিৰ অৱস্থাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টি কৰিব পাৰি। অন্য বৰ্ষৰ দৰে বৰ্ষটো শ্ৰৱণ দিৱসৰ বিষয় আছিল "সকলোৰে বাবে শ্ৰৱণ সেৱা, নিৰ্ধাৰণ, পুনঃ সংস্থাপন আৰু সজাগ কৰা"। পৰিসংখ্যা অনুযায়ী সমগ্ৰ বিশ্বত ৪৬৬ মিলিয়ন মানুহে শ্ৰৱণ শক্তি নোহোৱাকৈ কাম কৰে; যি বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ৬.১ শতাংশ । বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে, ২০৫০ চনৰ ভিতৰত আৰু ১.১ বিলিয়ন অল্প বয়স্ক লোক (১২বছৰৰ পৰা ৩৫বছৰৰ ভিতৰত) শব্দ প্ৰদূষণৰ স্বীকাৰ হৈ শ্ৰৱণ শক্তি হেৰুওৱাৰ দিশে গতি কৰিছে ।
বিশ্ব স্বাস্থ্য সংস্থা( WHO) ৰ দ্বাৰা আয়োজিত ২০২১ চনৰ বিশ্ব শ্ৰৱণ দিৱসৰ প্ৰধান বাৰ্তা সমূহ হৈছে এনে ধৰণৰ:
- শ্ৰৱণ শক্তিহীন লোকসকল বিনা চিকিৎসাই থকাটো অনস্বীকাৰ্য ৷
- শ্ৰৱণ শক্তিহীনতা ৰোধ কৰাৰ বাবে সময় মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ৷
- কম খৰচী ব্যৱস্থাৰ প্ৰৱৰ্তন, যিয়ে এই লোক সকলক সহায় কৰি সমাজৰ উন্নতি সাধিব পাৰে ।
- কাণ আৰু শ্ৰৱণ শক্তিৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় আৰু সৰ্বব্যাপি বিভিন্ন যোজনা প্ৰস্তুত কৰণ।
সাধাৰণ মানুহৰ বাবে:
শুদ্ধ শ্ৰৱণ শক্তি আৰু শুদ্ধ যোগাযোগ (communication) আমাৰ জীৱনৰ সকলো স্তৰতে নিত্যান্তই প্ৰয়োজন । বিকট শব্দ প্ৰদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কৰ্ণ কুহৰৰ সঠিক যত্ন লৈ শ্ৰৱণ শক্তি হীনতা ৰোধ কৰিব পাৰি। সঠিক সময়ত ইয়াক নিৰ্ধাৰণ কৰিব পাৰিলে শ্ৰৱণ শক্তি হীনতা ৰোধ কৰাতো সম্ভৱ । শ্ৰৱণ শক্তি হীনতাত থকা লোক সকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।
শ্ৰৱণ শক্তি হীনতা আৰু বধিৰতা:
বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে দুয়োটা ৰোগৰ মাজত পাৰ্থক্য নিৰূপণ কৰে এনে ধৰণে… Heard hearing মানে সেই সকল লোক, যি সকলৰ শুনিবলৈ কষ্ট হয়; কিন্তু ভাষাৰ ব্যৱহাৰৰ জৰিয়তে ক'ব পাৰে আৰু কুহেলাৰ ইমপ্লাণ্ট বা আন যন্ত্ৰৰ সহায় ল'ব পাৰে । আনহাতে বধিৰতা মানে হ'ল সেই সকল লোক যিয়ে একেবাৰে নুশুনে আৰু তেওঁলোকে মনৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰায়েই চিহ্ন ভাষাৰ ব্যবহাৰ কৰে।