গুৱাহাটী, 19 নৱেম্বৰ: বৰ্তমান সময়ত প্ৰতিগৰাকী লোকেই শাৰীৰিকভাৱে নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ বিভিন্ন ধৰণে শৰীৰৰ চর্চা কৰা পৰিলক্ষিত হয় ৷ কোনোবাই যদি জিম যায়, কোনোবাই আকৌ যোগ কৰি শৰীৰচৰ্চা কৰা পৰিলক্ষিত হয় ৷ যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান ৷ নিয়মিত যোগ সাধনাই ব্যক্তি এজনক শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ লগতেই কাম কৰিবলৈও প্ৰেৰণা যোগায় ৷
নিয়মিতভাৱে যোগ সাধনে এগৰাকী লোকক বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে ৷ বৰ্তমান সময়ত বহুলোক জীৱন-ধাৰণৰ শৈলীৰ বাবে হওক বা অন্য কিছু কাৰণতেই হওঁক গেছৰ সমস্যাত ভোগা দেখা যায় ৷ তেওঁলোকে যোগৰ তিনিটা আসনেৰে এই সমস্যা পৰা পৰিত্ৰাণ পাব পাৰে ৷
বজ্ৰাসন-বজ্ৰাসন হ’ল একপ্ৰকাৰৰ বিশ্ৰাম আসন, যদিও ইয়াক যিকোনো খাদ্য খোৱাৰ পিছতেই কৰিব পাৰি ৷ প্রথমে আঠু ভাঁজ কৰি বহি গোৰোহাৰ ওপৰত নিতম্ব ৰাখি পোন হৈ বহি আৰু হাত দুখন আঠুৰ ওপৰত ৰাখিব লাগে ৷ দিনটোত যেতিয়া আমি জিৰণি পাওঁ সেইসময়ৰ খিনিৰ ভিতৰত যদি ১মিনিট সময়ো এনেদৰে বহিব পাৰো তেন্তে আমাৰ হজম শক্তি ভাল হয় ৷ বজ্ৰাসনে মানুহৰ হজম শক্তি বঢ়ায় ৷ খাদ্য ভালদৰে হজম হ’লে গেছৰ সমস্যা নহয় ৷ লগতেই এই আসন কৰাৰ ফলত আন বহু সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি ৷