অসম

assam

ETV Bharat / sukhibhava

Benefits of Vitamins: স্বাস্থ্য়ৰ যত্ন তথা সৌন্দৰ্য বৰ্তাই ৰখাত ভিটামিনৰ উপকাৰিতা - স্বাস্থ্য়ৰ যত্ন তথা সৌন্দৰ্য বৰ্তাই ৰখাত ভিটামিনৰ উপকাৰিতা

শৰীৰৰ প্ৰকৃত বিকাশ তথা সক্ৰিয় কাৰ্যকৰীতাৰ বাবে সকলো প্ৰকাৰৰ ভিটামিনৰ প্ৰয়োজন হয় (Benefits of Vitamins) ৷ বিশেষকৈ মহিলাৰ সকলৰ ক্ষেত্ৰত বয়স অনুপাতে বেলেগ বেলেগ ভিটামিনে বেলেগ বেলেগ ধৰণে কাম কৰে ৷

Benefits of Vitamins
স্বাস্থ্য়ৰ যত্ন তথা সৌন্দৰ্য বৰ্তাই ৰখাত ভিটামিনৰ উপকাৰিতা

By

Published : Feb 14, 2022, 9:57 PM IST

আমি সকলো জ্ঞাত যে শৰীৰৰ বিকাশত পুষ্টিৰ মহত্ব কিমান ৷ এই পুষ্টিৰ লগতে ভিটামিন সমূহেও শৰীৰক স্বাস্থ্য়ৱান আৰু সৌন্দৰ্যশীল কৰি ৰখাত অৰিহণা যোগায় (Benefits of Vitamins for a healthy beautiful life) ৷ ভিটামিনে বিভিন্ন প্ৰকাৰৰ বেমাৰ-আজাৰৰ পৰাও দেহক ৰক্ষণাবেক্ষণ দিয়ে (Benefits of Vitamins) ৷

পুৰুষ, মহিলা আৰু শিশুৰ ক্ষেত্ৰত ভিটামিনৰ প্ৰয়োজনীয়তা পৃথক হয় ৷ কিছুমান ভিটামিন মহিলাৰ বাবে জৰুৰী হোৱাৰ বিপৰীতে কিছুমান ভিটামিন কেৱল পুৰুষৰ বাবেহে প্ৰয়োজনীয় ৷

পুষ্টিবিদ ডাঃ দিব্যা শৰ্মাই উল্লেখ কৰিছে যে মহিলাসকলক শৈশৱ, গৰ্ভধাৰণ, ঋতুস্ৰাৱ তথা বয়স বৃদ্ধিকে ধৰি জীৱন প্ৰণালীৰ বিভিন্ন স্তৰত বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ প্ৰয়োজন হয় । ডাঃ দিব্যা শৰ্মাই কৈছে ভিটামিনৰ প্ৰকাৰ প্ৰায় 1 ডজনতকৈয়ো বেছি আছে ৷ সেই সমূহৰ ভিতৰত মূলতঃ প্ৰধান ভিটামিন কেইটা তলত উল্লেখ কৰা হ’ল-

ভিটামিন এ

ভিটামিন এ-য়ে শ্বাসতন্ত্ৰ আৰু নলীৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে । সঠিক পৰিমাণত ইয়াৰ ব্যৱহাৰে চৰ্দি আৰু অন্যান্য প্ৰকাৰৰ সংক্ৰমণৰ পৰা দেহক সুৰক্ষা দিয়ে । ই আমাৰ ছালৰ সৌন্দৰ্য বজাই ৰখাৰ লগতে চকুৰ পোহৰ তীক্ষ্ণ কৰি ৰাখিবলৈ কাম কৰে । এজন ব্যক্তিয়ে আহাৰৰ জৰিয়তে দিনে প্ৰায় ৫০০০ ইউনিট ভিটামিন এ গ্ৰহণ কৰিব লাগে।

ভিটামিন বি

আহাৰৰ পৰা শক্তি লাভ কৰিবলৈ ভিটামিন বি আটাইতকৈ গুৰুত্বপূৰ্ণ । এজন ব্যক্তিক প্ৰতিদিনে ভিটামিন বি1 ৰ 10 গ্ৰাম আৰু ভিটামিন বি2 ৰ 2 মিলিগ্ৰাম প্ৰয়োজন হয় । দৰাচলতে, ভিটামিন বি কমপ্লেক্স হৈছে বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে বি1, বি2, বি3, বি5, বি6, বি7 আৰু বি12 ইত্যাদিৰ এক সংমিশ্ৰণ ।

ভিটামিন চি

শৰীৰৰ কোষসমূহ, হাড়, সৰু ৰক্তনলী, দাঁত আৰু দাঁতৰ আলুৰ স্বাস্থ্য বজাই ৰখাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ভিটামিন চি অত্যাৱশ্যকীয় বুলি গণ্য কৰা হয় । এজন ব্যক্তিয়ে এদিনত প্ৰায় 10 মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিব লাগে ।

ভিটামিন ডি

হাড়ৰ গঠন, বিকাশ আৰু আহাৰৰ পৰা অন্যান্য পুষ্টি লাভ কৰাৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । ভিটামিন ডি য়ে মুখ্যত শৰীৰত কেলচিয়াম আৰু ফছফৰাছৰ মাজত ভাৰসাম্য বজাই ৰাখে । বয়স আৰু লিংগৰ ওপৰত নিৰ্ভৰ কৰি, মানুহক দিনে প্ৰায় 200 একক ভিটামিন ডিৰ প্ৰয়োজন হ'ব পাৰে । শিশু আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত দৈনিক প্ৰায় 800 একক ভিটামিন ডি প্ৰয়োজন হয় ৷

ভিটামিন ই

ভিটামিন ই য়ে থ্ৰম্বোচিছৰ পৰা সুৰক্ষা দিয়ে ৷ ভিটামিন ই য়ে সোনকালে ঘাঁ শুকুৱাই ৷ হৃদযন্ত্ৰৰ সকলো মাংসপেশী শক্তিশালী কৰে আৰু ৰক্ত সঞ্চালন নিয়মীয়া কৰাত সহায় কৰে । স্বাস্থ্যৰ লাভালাভৰ লগতে সৌন্দৰ্য বজাই ৰখাতো সহায় কৰে ভিটামিন ই য়ে । ছালৰ দাগ হ্ৰাস কৰাতো ইয়াক ব্যৱহাৰে কৰিব পাৰি ৷

ভিটামিন কে

এই ভিটামিনে শৰীৰত তেজৰ প্ৰবাহ বজাই ৰখাত সহায় কৰে । ই তেজত প্ৰ'টিন, খনিজ আৰু কেলচিয়ামৰ দৰে কিছুমান প্ৰকাৰৰ পুষ্টি সক্ৰিয় কৰে । সেউজীয়া শাক-পাচলিত ভিটামিন কে পোৱা যায় ।

ডাঃ দিব্যাই ব্যাখ্যা কৰিছে যে আমাৰ দেশৰ বেছিভাগ মহিলাৰ ক্ষেত্ৰত পুষ্টিৰ অভাৱ দেখা যায় । কাৰণ সৰহসংখ্যক মহিলাই তেওঁলোকৰ আহাৰ আৰু স্বাস্থ্যৰ প্ৰতি যত্ন নলয় । অৱহেলা, খাদ্য-প্ৰণালীৰ অজ্ঞতা তথা কেতিয়াবা বিভিন্ন প্ৰকাৰৰ হৰ্মোনেল আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে তেওঁলোকৰ স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োটাই প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰে। সমান্তৰালকৈ, মহিলাৰ ক্ষেত্ৰত বয়সৰ চাপো সোনকালে পৰা দেখা যায় ৷ বয়সৰ প্ৰতিটো পৰ্যায়ত শৰীৰত দেখা দিয়া বিভিন্ন পৰিৱৰ্তন আৰু সমস্যাৰ বাবে সকলো মহিলাকে তুলনামূলকভাৱে উচ্চ পৰিমাণৰ কিছুমান বিশেষ ভিটামিনৰ প্ৰয়োজন হয় । (Vitamins useful for female) মহিলাসকলৰ বাবে কেতিয়া কি ভিটামিনৰ প্ৰয়োজন হয় জানো আহক-

ভিটামিন বি9:

গৰ্ভধাৰণৰ সময়ত মহিলাসকলক বিশেষকৈ বহু প্ৰকাৰৰ ভিটামিনৰ প্ৰয়োজন হয়, অন্যথা ই মাতৃ আৰু গৰ্ভত থকা কেঁচুৱাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । এই সময়ছোৱাত ভিটামিন বি-9 অৰ্থাৎ ফ’লিক এচিড মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে, গৰ্ভধাৰণৰ সময়ত গৰ্ভৱতী মহিলাসকলক ফ’লিক এচিড চাপ্লিমেণ্ট যোগান ধৰা হয়।

ভিটামিন ডি:

বয়সৰ সকলো স্তৰতে মহিলাৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মহিলাৰ শৰীৰত ভিটামিন ডি ৰ অভাৱে দেখা দিয়ে । হাড়, চকু আৰু অন্যান্য প্ৰকাৰৰ সমস্যা আৰু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে তেওঁলোকৰ আহাৰত কেলচিয়াম আৰু ভিটামিন ডি ৰ পৰিমাণ বৃদ্ধি কৰাটো অতি জৰুৰী ।

ভিটামিন ই:

স্বাস্থ্যৱান ছালৰ বাবে আৰু সকলো বয়সতে চুলি আৰু নখ ধুনীয়া কৰি ৰাখিবলৈ মহিলাসকলক অধিক ভিটামিন ই ৰ প্ৰয়োজন হয় । ভিটামিন ই য়ে ছালত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে ৷ ছাল সোঁতোৰা পৰাৰ পৰা ছালক ৰক্ষা কৰে আৰু দাগৰ সমস্যা আঁতৰ কৰে আৰু ছালৰ ওপৰত বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে ।

ভিটামিন এ:

বয়সৰ প্ৰতিটো স্তৰতে মহিলাৰ শৰীৰত যথেষ্ট পৰিৱৰ্তন হয় ৷ মহিলাসকলে 40 ৰ পৰা 45 বছৰৰ ভিতৰত ৰজোনিবৃত্তিৰ মাজেৰে যাব লগা হয় যেতিয়া তেওঁলোকে হৰ্মোনেল পৰিৱৰ্তন আৰু অন্যান্য কাৰণত বিভিন্ন প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হয় । ভিটামিন এ য়ে সেইবোৰৰ প্ৰভাৱ নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰাত সহায় কৰে ।

ভিটামিন কে:

ঋতুস্ৰাৱৰ সময়ত আৰু সন্তান জন্মৰ সময়ত হোৱা অধিক ৰক্তক্ষৰণত ভিটামিন কে-য়ে মহিলাসকলক সকাহ দিয়ে ।

লগতে পঢ়ক:Kids Mental Health: অতিমাত্ৰা শাসনে সন্তানৰ মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে

ABOUT THE AUTHOR

...view details