মহিলাৰ সৌন্দৰ্যৰ ক্ষেত্ৰত চুলিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু যদি চুলি ভাল নহয়, তেন্তে মুখৰ সৌন্দৰ্যৰ কোনো অৰ্থ নাই । এনে পৰিস্থিতিত প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁৰ চুলি দীঘল, ঘন আৰু ধুনীয়া হওক ৷ যাতে তেওঁ যিকোনো পাৰ্টি, ফাংচন বা ইভেণ্টত চুলিৰ সৈতে নতুন ডিজাইন কৰিব পাৰে ৷ কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ হোৱাটো বৰ কঠিন হৈ পৰিছে আৰু সেয়া হৈছে বেয়া জীৱনশৈলী ৷ যাৰ বাবে বৰ্তমান সময়ত প্ৰত্যেকগৰাকী মহিলাৰ মূল সমস্যা হৈ পৰিছে চুলি সৰাৰ সমস্যা আৰু চুলিৰ সৰাৰ ফলত চুলিৰ বিকাশতো প্ৰভাৱ পৰে ৷ এনে ক্ষেত্ৰত বহু মহিলাই চুলি সৰাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰৰ বিভিন্ন ধৰণৰ চেম্পু, তেল ব্যৱহাৰ কৰে ৷ কিন্তু কোনো সু-ফল নাপায় ৷ সেয়াহে, আজি আমাৰ এই প্ৰতিবেদনত ক’ম ঘৰতে আপুনি কিদৰে প্ৰাকৃতিকভাৱে চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ গতিকে জানো আহক ঘৰতে কেনেদৰে চুলি সৰাৰ সমস্যা ৰোধ কৰিব . . .
তিচি (ফ্লেক্সচিড) চুলিৰ বাবে উপকাৰী
আপুনি চুলি সৰাৰ সমস্যা ৰোধ কৰিবলৈ বা চুলিৰ বিকাশৰ বাবে তিচিৰ বীজ ব্যৱহাৰ কৰিব পাৰে । তিচি কেৱল স্বাস্থ্যৰ বাবেই নহয়, চুলিৰ বাবে সমানেই উপকাৰী ৷ ভাল চুলিৰ বাবে আপুনি তিচিৰ পৰা তৈয়াৰ কৰা চুলিৰ জেল বা চুলিৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে ।
ফ্লেক্সচিড হেয়াৰ জেল কেনেকৈ বনাব ?
ফ্লেক্সচিড হেয়াৰ জেল বনাবলৈ ৪ চামুচ ফ্লেক্সচিড, এচামুচ এলোভেৰা জেল, দুটা ভিটামিন ই কেপচুল আৰু দুচামুচ আলমণ্ড অইলৰ প্ৰয়োজন হ’ব ।
প্ৰথমে কেৰাহীত দুকাপ পানী গৰম কৰিব । ইয়াৰ পিচত তিচিৰ বীজ দি উতলিবলৈ দিব আৰু পানী গাঢ় হোৱালৈকে উতলিবলৈ দিব ।
গাঢ় হোৱাৰ পিচত, জেলীৰ দৰে অৱশিষ্টখিনি ষ্ট্ৰেইনাৰৰ জৰিয়তে চেকি ল’ব ।