ৰান্ধোতাই ৰান্ধে, বিলোতাই বিলাই, খাওঁতাই কিন্তু নাখাই পেলাই দিয়ে । সেই তেজপাত বা মাহপাত হৈছে অতিকে মহৌষধৰে ভৰা । স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো অতিকে উপকাৰী এই সুগন্ধিৰে ভৰা পাত(Bay leaf is useful for good health and beauty) ।
অসমীয়া সমাজত পায়স, মাংস, তৰকাৰী, চাহ আদি বনাওঁতে সততে ব্যৱহাৰ হোৱা এইবিধ পাতৰ আছে বহু উপকাৰিতা ৷ ই ডায়েবেটিজ বা মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী । টাইপ ২ ডায়েবেটিজ ৰোগীৰ বাবে লাভদায়ক এই তেজপাত । ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । হৃদৰোগীৰ বাবেও এই পাত যথেষ্ট লাভদায়ক(Tejpat benefits) ।
এই তেজপাতত ভিটামিন A আৰু ভিটামিন C পোৱা যায় । ভিটামিন A-ৰ ফলত চকুৰ সমস্যা দূৰ হয় লগতে ভিটামিন C-ৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।
পাছে সৌন্দৰ্য চৰ্চাটো অতি উপকাৰী এই মাহপাত বা তেজপাত । ছাল-চুলি দুয়োবিধতে ভাল ফল দিয়ে এই সুগন্ধি যুক্ত পাতে ।
সৌন্দৰ্য চৰ্চা
তেজ পাতৰ ৰস মিহলোৱা পানীৰ গা ধুলে ছালৰ বিভিন্ন ৰোগ, ছালত হোৱা খজুৱতি, ছাল ৰঙা পৰা, ছালত হোৱা ফোহা আদি নিৰাময় হয় । তেজপাতৰ ৰস ছালত ১০ মিনিট সময় প্ৰলেপ দি পিছত ঠাণ্ডা পানীৰে ধুলে ছালৰ ৰং বগা হয় ।