অসম

assam

গেষ্ট্ৰিকৰ সমস্যাত ভুলতো গ্ৰহণ নকৰিব এইসমূহ খাদ্য

By

Published : Sep 19, 2022, 7:03 PM IST

অস্বাস্থ্যকৰ খাদ্যৰ বাবে আজিকালি অধিকাংশ লোকেই গেছ আৰু বদহজমৰ সমস্যাত ভোগে । গেষ্ট্ৰিক(Gastric problems) পেটত পেট ফুলা, অস্বস্তি, জ্বলা-পোৰা আৰু এচিডিটিৰ(Acidity) সৃষ্টি কৰে । এনে সমস্যাই দেখা এজন ব্যক্তিয়ে কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল-

Avoid to eating these 5 food items during gastric problems
গেষ্ট্ৰিকৰ সমস্যাত ভুলতো গ্ৰহণ নকৰিব এইসমূহ খাদ্য

অস্বাস্থ্যকৰ খাদ্যৰ বাবে আজিকালি অধিকাংশ লোকেই গেছ আৰু বদহজমৰ সমস্যাত ভোগে । গেষ্ট্ৰিক(Gastric problems) পেটত পেট ফুলা, অস্বস্তি, জ্বলা-পোৰা আৰু এচিডিটিৰ(Acidity) সৃষ্টি কৰে । যাৰ ফলত ব্যক্তিজন বৰ চিন্তিত হৈ পৰে । কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিলে অতি সহজে এই গেছৰ সমস্যাৰ পৰা উপশম পাব পাৰি । এনে সমস্যাই দেখা এজন ব্যক্তিয়ে কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল-

গেষ্ট্ৰিক সমস্যাৰ সময়ত এৰাই চলিবলগীয়া খাদ্য:

  • ফাষ্ট ফুড(Fast Food):

গেষ্ট্ৰিক অসুবিধা থকা লোকসকলে খাদ্যৰ পৰা ফাষ্ট ফুড বাদ দিব লাগে। ফাষ্ট ফুডত আঁহ কম থাকে । ইয়াক গ্ৰহণ কৰি পাচনতন্ত্ৰই অধিক কাম কৰিবলগীয়া হয়, যাৰ বাবে পাচনতন্ত্ৰই নিজৰ কাম ভালদৰে কৰিব নোৱাৰে আৰু ব্যক্তিজনে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভোগে ।

  • কেঁচা কল(Raw bananas):

গেছৰ সমস্যাত অসন্তুষ্ট লোকসকলে কেঁচা কল খোৱাৰ পৰা বিৰত থাকিব লাগে । কেঁচা কল খালে কোষ্ঠকাঠিন্য হ'ব ভূগিব পাৰে । কেঁচা কলত সামান্য পৰিমাণৰ আঁহ থাকে । আনহাতে পকা কলত দ্ৰৱণীয় আঁহ থকাৰ বাবে ই কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ পৰা উপশম পাব পাৰে ।

  • বীন(Beans):

বিশেষকৈ ৰাতি গেছৰ সমস্যা হ’লে বীন খোৱাৰ পৰা বিৰত থাকক । বীনত ৰেফিনোজ থাকে, যাৰ ফলত খাদ্য হজম কৰাত অসুবিধা হ’ব পাৰে । যেতিয়া ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেফিনোজ বেক্টেৰিয়াৰ দ্বাৰা ভাঙি যায় তেতিয়া কাৰ্বন ডাই অক্সাইড, মিথেন গেছ আদি উৎপন্ন হয় । এনে অৱস্থাত ৰাতি ইয়াক খাদ্যত গ্ৰহণ নকৰিব । বিশেষকৈ গেছ থাকিলে খাদ্যৰ পৰা আঁতৰাই চলাটো উচিত ।

  • দুগ্ধজাত সামগ্ৰী(Dairy products):

গেছৰ সমস্যা হ’লে দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰাৰ পৰা বিৰত থকাটো উচিত । ইয়াৰ পৰিৱৰ্তে খাদ্যত দৈ মিহলাই খাব পাৰে । কাৰণ ইয়াৰ ভিতৰত প্ৰ’বায়’টিক প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী ।

  • পিঁয়াজ(Onion):

পিঁয়াজত থকা ফ্ৰুক্ট’জক প্ৰাকৃতিক চেনি বুলি জনা যায় । ইয়াৰ উপৰিও ই ছৰবিটল আৰু ৰেফিন’জৰ দৰে কাম কৰে । ই অন্ত্ৰত থকা বেক্টেৰিয়াৰ দ্বাৰাও ভাঙি যায়, যাৰ ফলত শৰীৰত গেছৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: তুলসীৰ উপকাৰিতাসমূহৰ বিষয়ে আপুনি জানেনে ?

ABOUT THE AUTHOR

...view details