প্ৰতিগৰাকী অভিভাৱকেই তেওঁলোকৰ সন্তানৰ সুস্বাস্থ্যৰ কামনা কৰে; তেওঁলোকৰ সন্তানে হাঁহি-ধেমালি মাজেৰে ডাঙৰ-দীঘল হোৱাটো বিচাৰে ৷ এয়া এক স্বাভাৱিক কথা ৷ কিন্তু কেতিয়াবা কোনো অভিভাৱকে লক্ষ্য কৰে যে, তেওঁলোকৰ সন্তানে খুবেই আচহুৱা ধৰণেৰে আচৰণ কৰিবলৈ লৈছে আৰু তেনে অৱস্থাত আইতাকহঁতৰ মুখত প্ৰায়ে শুনিবলৈ পোৱা যায় যে “আমিও ল’ৰা-ছোৱালী ডাঙৰ কৰিছো, কিন্তু এনেকুৱা সন্তান কেতিয়াও দেখা নাছিলো” ৷ তেতিয়াই কোনোৱে সেই শিশুটোক “অ’টিষ্টিক” বুলি নামাংকৃত কৰে নাইবা শিশুটোৰ “অ’টিষ্টিক স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ” হোৱা বুলি চিহ্নিত কৰা হয় ৷
ক্লিনিকেল মনোবিজ্ঞানী তথা অ’টিজ্মত ভুগি থকা শিশুসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত ব্যাপকভাৱে জড়িত হৈ থকা শ্ৰীমতী সমৃদ্ধি পাটকাৰৰ সৈতে ইটিভি ভাৰত সুখীভৱই এই প্ৰসংগত আলোচনা কৰে ৷ উল্লেখ্য যে, সমৃদ্ধি পাটকাৰে মুম্বাইৰ বৰিৱেলীত এটা দশকতকৈও অধিক সময় ধৰি ‘প্ৰাইভেট প্ৰেক্টিছ’ কৰি আছে ৷
“অ’টিষ্টিক স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ” হৈছে এক স্নায়ৱিক অৱস্থা, যি যোগাযোগ স্থাপন কৰাৰ ক্ষমতা আৰু সামাজিক সম্পৰ্ক স্থাপন কৰাত গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰে ৷ অ’টিজ্ম স্পেক্ট্ৰামত ভুগি থকা লোকসকলক সন্মিলিত মনোযোগ, পুনৰাবৃত্তিমূলক আচৰণ প্ৰদৰ্শন কৰা ক্ষেত্ৰত সংবেদনশীল হোৱা দেখিবলৈ পোৱা যায়, সাধাৰণ কল্পনাপ্ৰসূত খেল-ধেমালিসমূহ কৰাত অপাৰগতাত ভূগে ৷ লগতে তেওঁলোক নমনীয় চিন্তাভাৱনা কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হয় তথা তেওঁলোকৰ সম্পূৰ্ণ এক পৃথক সংবেদী অভিজ্ঞতা থাকে ৷
যিহেতু ‘স্পেক্ট্ৰাম’ শব্দটোৰ অৰ্থই কয় যে, প্ৰতিগৰাকী ব্যক্তিয়েই এই প্ৰত্যাহ্বানসমূহ পৃথকে পৃথকে উপলব্ধি কৰে ৷ লগতে তেওঁলোক প্ৰত্যেকৰে পৃথক পৃথক প্ৰয়োজনীয়তা তথা সক্ষমতা থাকে ৷ যদিও অ’টিজ্মত ভূগি থকা কিছু সংখ্যক শিশু জন্মগতভাৱে কিছুমান বিশেষ ক্ষেত্ৰ যেনে, সাংখ্যিক, সাহিত্য, চিত্ৰাংকন, সংগীত আদিত বিশেষ পাৰদৰ্শিতা থাকে ৷ ইয়াৰ অৰ্থ এইটো নহয় যে, সকলো অ’টিষ্টিক শিশুৰেই বিশেষ সক্ষমতা থাকে ৷ তথাপি প্ৰাৰম্ভিক অৱস্থাতেই তেওঁলোকৰ প্ৰতিটোৰেই গাত নিহিত হৈ থকা শিকিব পৰা গুণৰ প্ৰতি উপযুক্ত মনোযোগিতা দিয়া যায়, তেনেহ’লে তেওঁলোকে নিজকে সুকীয়াকৈ প্ৰতিষ্ঠা কৰাত সক্ষম হ’ব ৷ সেয়ে তেওঁলোকক অপবাদ দিয়াতকৈ আটাইতকৈ উৎকৃষ্টতম শুশ্ৰূষাৰে প্ৰাৰম্ভিক অৱস্থাতে চিহ্নিত কৰি তেওঁলোকৰ সম্পূৰ্ণ সক্ষমতাক ব্যৱহাৰ কৰিবলৈ শিকোৱাতহে গুৰুত্ব আৰোপ কৰিব লাগে ৷
অ’টিজ্মৰ সংকেট 18 মাহ নাইবা তাৰ আগতেই কোনো অভিজ্ঞ ক্লিনিকেল মনোবিজ্ঞানী তথা শিশু চিকিৎসকৰ দাৰা চিহ্নিত কৰিব পৰা যায় ৷ স্ক্ৰীনিং/ডায়েগ্নিছৰ বিস্তৃত তথ্যৰ ভিত্তিত অ’টিজ্মত ভুগি থকা শিশুসকলক প্ৰাৰম্ভিক হস্তক্ষেপ/থেৰাপিসমূহ মূলতঃ ছেঞ্চৰি ইণ্টেগ্ৰশ্বন, কথা কোৱা আৰু ভাষাৰ থেৰাপি, “পিক্সাৰ এক্সেঞ্জ ইনফৰ্মেশ্বন ছিষ্টেম (পিইচিএছ), ট্ৰিটমেণ্ট এণ্ড এড্জুকেশ্বন অৱ অ’টিষ্টিক এণ্ড কমিউনিকেশ্বন ৰিলেটেড হেণ্ডিকেপ্ড চিলড্ৰেন (টিইএচিচিএইছ) আৰু এপ্লাইড বিহেৱিঅৰ এনালাইছিছ (এবিএ) লৈ প্ৰেৰণ কৰা হয় ৷ যিহেতু অ’টিজ্মত ভুগি থকা সৰহভাগ শিশুৱেই মূলতঃ চিত্ৰকল্পৰ দাৰাই চিন্তাভাৱনা কৰে আৰু তেওঁলোকৰ এক অনন্য চাক্ষুষ স্মৃতি থাকে ৷ গতিকে শিক্ষণ কৌশল আৰু নিত্যকৰ্মত দৃশ্যশ্ৰাব্য মাধ্যমৰ ইতিবাচক প্ৰভাৱ থকাৰ বিষয়ে গৱেষণাৰ দাৰা প্ৰমাণিত হৈছে ৷