অসম

assam

ETV Bharat / sukhibhava

Kidney Stones: কিডনীত পাথৰৰ সমস্যা থকা লোকে ভুলতো নাখাব এইকেইবিধ পাচলি - কিডনীত পাথৰৰ বাবে কি খাব নালাগে

কিডনীত পাথৰ হোৱাৰ এটা ডাঙৰ কাৰণ হ’ল মানুহৰ ভুল তথা অনিয়মিত খাদ্যাভ্যাস । কম পানী খোৱাটোও ইয়াৰ বাবে দায়ী । কিডনীত পাথৰৰ সমস্যা হ’লে প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উচিত ।

Are you suffering from kidney stones? Then don't eat These vegetables even by mistake
কিডনীত পাথৰৰ সমস্যা থকা লোকে ভুলতো নাখাব এইকেইবিধ পাচলি

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 1:53 PM IST

বৃক্কত পাথৰৰ সমস্যা থকা লোকে বহু স্বাস্থ্যজনীত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এই ৰোগে অসহ্য বিষৰ সৃষ্টি কৰিব পাৰে ৷ পশ্চিম ৰাজস্থানৰ সীমান্তৱৰ্তী বৰমেদ্ৰেত এই সমস্যাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ কিডনীত পাথৰ হোৱাৰ এটা ডাঙৰ কাৰণ হ’ল মানুহৰ ভুল তথা অনিয়মিত খাদ্যাভ্যাস ৷ কম পানী খোৱাটোও ইয়াৰ বাবে দায়ী ৷ এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ মানি চলাটো প্ৰয়োজনীয় ৷ কিছুমান খাদ্য একেবাৰে পৰিহাৰ কৰাটো প্ৰয়োজন ৷ এই সমস্যাৰ বাবে কিছুমান শাক-পাচলি কেতিয়াও খাব নালাগে ৷ সবিশেষ জানো আহক-

আমাৰ শৰীৰৰ প্ৰতিটো অংগ অতি গুৰুত্বপূৰ্ণ যদিও কিছুমান অংগই আমাৰ সমগ্ৰ শৰীৰৰ কাম-কাজত প্ৰভাৱ পেলায় ৷ এনে পৰিস্থিতিত যদি কাৰোবাৰ কিডনী বা বৃক্কত পাথৰৰ সমস্যা হয়, তেন্তে তেওঁলোকৰ বাবে কিছুমান বিশেষ শাক-পাচলি খোৱাটো একেবাৰে নিষিদ্ধ ৷ চিকিৎসকৰ মতে, পাথৰৰ সমস্যা অটুট থাকিলে ৰোগীয়ে বিলাহী, বন্ধাকবি, ফুলকবি, বেঙেনা আৰু সেউজীয়া শাক-পাচলি পৰিহাৰ কৰিব লাগে ৷

যিসকলৰ ইতিমধ্যে পাথৰৰ সমস্যা আছে তেওঁলোকে ভুলতেও বন্ধাকবি খাব নালাগে, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ সমস্যা আৰু বেছি ভয়াৱহ হ’ব পাৰে ৷ বন্ধাকবিত অক্সালেট নামৰ এবিধ পদাৰ্থ থাকে যিবোৰ পাথৰৰ ৰোগীৰ বাবে মাৰাত্মক হ’ব পাৰে ৷ এই একে উপাদান বেঙেনাতো পোৱা যায় ৷ এই পদাৰ্থই আচলতে পাথৰৰ আকাৰ বৃদ্ধি কৰিব পাৰে ৷ যদি আপোনাৰ বৃক্কত পাথৰ থাকে তেন্তে বেছিকৈ তিয়ঁহ খালে বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ অতিৰিক্ত তিয়ঁহ খালে শৰীৰত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি পায় ৷ ইয়াৰ ফলত পাথৰ থকা ৰোগীৰ গুৰুতৰ ক্ষতিও হ’ব পাৰে ৷

কিডনীত পাথৰ থাকিলে খাওক প্ৰচুৰ পৰিমাণে পানী:
এই সন্দৰ্ভত চিকিৎসকে কয় যে, পাথৰৰ সমস্যা থকা ৰোগীয়ে সদায় বীজযুক্ত শাক-পাচলি পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে ৷ লগতে অধিক পানী খালে পাথৰ গঠন হোৱাৰ সম্ভাৱনা কম হয় ৷

কাজু, বাদাম, আখৰোট, বন্ধাকবি, ব্ৰকলি, ৰাজমা, ব্লুবেৰী, শুকান ডিমৰু আদি খাদ্যত অক্সালেট কম থাকে ৷ কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা কম কৰিবলৈ এইবোৰ বস্তু সেৱন কৰিব লাগে ৷

ABOUT THE AUTHOR

...view details