খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত নেমুৱে এক বিশেষ ভূমিকা পালন কৰে ৷ কিন্তু, আপুনি জানি আচৰিত হ’ব যে নেমুত থকা গুণাগুণে আপোনাৰ ছালখনকো উজ্বল কৰি তুলিব পাৰে ৷ হয়, নেমুত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল কৰাত সহায় কৰে ৷ অৱশ্যে, নেমু পোনপটীয়াকৈ মুখত প্ৰয়োগ কৰাটো ছালৰ বাবে হানিকাৰক ৷ কিয়নো, ইয়াত এচিড থাকে ৷ নেমুত থকা এচিডে ছালত জ্বলা-পোৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ সেয়েহে, নেমুৰ ৰসৰ সৈতে ফেচপেক তৈয়াৰ কৰি আপুনি আপোনাৰ ছালখনক দাগমুক্ত তথা চিকচিকিয়া কৰি তুলিব পাৰে ৷
উজ্জ্বল ছালৰ বাবে এনেদৰে ব্যৱহাৰ কৰক নেমুৰ ফেচপেক -
নেমুৰ সৈতে কল
নেমুৰ দৰে কল কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ এই ফেচপেক তৈয়াৰ কৰিবলৈ আধা পকা কল, এক চাহ চামুচ নেমুৰ ৰস, এক চাহ চামুচ মৌ আৰু ১-২ চাহ চামুচ পানী মিহলি কৰিব ৷ এই ফেচপেকটো মুখত ১৫ৰ পৰা ২০মিনিটৰ বাবে প্ৰয়োগ কৰক আৰু তাৰ পিছত মুখখন ধুই দিব ৷ এনেদৰে সপ্তাহত দুবাৰকৈ মুখত লগাব ৷