অসম

assam

ETV Bharat / sukhibhava

Morning Yoga: হৃদয়-মন দুয়োটাই হৈ থাকিব সুস্থ; কেৱল প্ৰতিদিনে কৰক এই সহজ যোগাসন - সূৰ্য নমস্কাৰ কৰাৰ উপকাৰিতা

সুস্থ হৈ থাকিবলৈ যোগাভ্যাস অতি উত্তম বুলি গণ্য কৰা হয় । যোগাসনৰ দ্বাৰা আপুনি বহু ৰোগৰ পৰা আঁতৰত থাকিব পাৰে । সেয়ে আজি আমি জানিম যে সূৰ্য নমস্কাৰ কেনেকৈ কৰিব লাগে আৰু কিদৰে আপুনি প্ৰতিদিনে পুৱা মাত্ৰ ১০ মিনিটৰ বাবে এই অনুশীলন কৰি নিজকে সুস্থ কৰি ৰাখিব পাৰে...

Amazing health benefits of doing Surya Namaskar in the morning
হৃদয়-মন দুয়োটাই হৈ থাকিব সুস্থ; কেৱল প্ৰতিদিনে কৰক এই সহজ যোগাসন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:40 PM IST

আজিৰ অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে মানুহে বিভিন্ন ৰোগত ভুগিবলগীয়া হয় ৷ লগতে ব্যস্ততাৰ বাবে নিজকে সময় দিয়াৰ পৰা বঞ্চিত হয় ৷ যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ বিশেষকৈ আজিৰ সময়ত বেছিভাগ মানুহেই ডেস্কৰ কামত আৰু কম্পিউটাৰৰ স্ক্ৰীণৰ আগত বহু সময় কাম কৰি থাকে ৷ যাৰ বাবে বহুতো শাৰীৰিক সমস্যা বাঢ়ি যায় ৷ ইয়াৰ উপৰিও মানসিক ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

যোগাসন একমাত্ৰ সমাধান যাৰ সহায়ত আপুনি এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব ৷ যদিও মন আৰু শৰীৰ সুস্থ কৰি ৰখাৰ বাবে অতীজৰে পৰা যোগাসন চিৰ পৰিচিত কিন্তু সকলো যোগৰ ভিতৰত সূৰ্য নমস্কাৰ এনেকুৱা এটা যোগ, যাৰ অনুশীলন কৰিলে আপুনি সুস্থ হৈ থাকিব পাৰে ৷

দৈনিক মাত্ৰ ১০ মিনিটৰ বাবে যোগাসন কৰিলে আপুনি যথেষ্ট উপকাৰিতা লাভ কৰিব ৷ অৱশ্যে এই যোগাসন কেৱল ৰাতিপুৱা সূৰ্য উদয়ৰ সময়তহে কৰিব লাগে ৷ লগতে এই কামটো কেৱল খালী পেটতহে কৰাটো উচিত ৷ এই যোগাসনৰ উপকাৰিতাৰ বিষয়ে জানো আহক....

১/ হাওঁফাওঁৰ বাবে উপকাৰী

ৰাতিপুৱা যেতিয়া আপুনি সূৰ্য নমস্কাৰ কৰি আছে তেতিয়া আপোনাৰ উশাহ-নিশাহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক ৷ সূৰ্য নমস্কাৰ কৰি থাকোঁতে দীঘলীয়া উশাহ এটা লৈ লাহে লাহে উশাহ এৰিব ৷ এইদৰে এই যোগাসনৰ অভ্যাস কৰিলে আপোনাৰ হাওঁফাওঁ শক্তিশালী হ’ব ৷ ইয়াৰ লগতে হাওঁফাওঁৰ ক্ষমতাও বৃদ্ধি পাব ৷

২/ মন শান্ত হৈ থাকে

মানসিক চাপৰ পৰা সকাহ পাবলৈ দৈনিক সূৰ্য নমস্কাৰৰ অভ্যাস কৰক ৷ ইয়াৰ ফলত আপোনাৰ মনটো শিথিল হয় ৷ ঘৰ আৰু অফিচৰ কামৰ চাপৰ পৰা পৰিত্ৰাণ পাবলৈ সূৰ্য নমস্কাৰ এক উপযোগী যোগ ৷ ইয়াৰ ফলত মানসিক চাপো যথেষ্ট হ্ৰাস পায় ৷ কেৱল এয়াই নহয়, অনিদ্ৰাৰ সমস্যাৰ পৰাও এই যোগাসনে সকাহ দিয়ে ৷ মনক শান্ত কৰাৰ উপৰিও এই যোগে আপোনাৰ মনোযোগৰ শক্তিও বৃদ্ধি কৰে ৷

৩/ হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল

প্ৰতিদিনে পুৱা সূৰ্য নমস্কাৰ অভ্যাস কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ৷ ইয়াৰ লগতে হৃদযন্ত্ৰৰ সকলো ৰোগো দূৰ হ’ব ৷ সূৰ্য নমস্কাৰৰ কৰাৰ লগে লগে ৰক্ত সঞ্চালনো বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও আপোনাৰ হৃদযন্ত্ৰৰ পেশীবোৰো শক্তিশালী হৈ উঠে ৷

লগতে পঢ়ক:Rheumatoid Arthritis: এই ৪টা লক্ষণক কেতিয়াও নকৰিব আওকাণ; অন্যথা গোটেই জীৱন গাঁঠিৰ বিষ ভুগিব লাগিব আপুনি

ABOUT THE AUTHOR

...view details