ছাল আৰু চুলিৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি প্ৰায়ে নিমক বাচনি কৰো ৷ নিমৰ পাত বিভিন্ন ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ ৷ নিমপাতৰ বহুতো ঔষধি গুণ আছে ৷ বহুতো সৌন্দৰ্য্য সামগ্ৰীতো নিমৰ পাত ব্যৱহাৰ কৰা হয় ৷ নিমপাত চুলি আৰু ছাল উভয়ৰে বাবে অতি উত্তম ৷ নিমৰ পাত ব্যৱহাৰ কৰিলে পিম্পল, ডাৰ্ক চাৰ্কল আদি সমস্যা দূৰ কৰিব পাৰি ৷ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ নিমে সহায় কৰে ৷
চুলি আৰু ছালৰ বাবে নিম পাত বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে ৷ চুলি আৰু ছালৰ বাবে নিমৰ উপকাৰিতা কি আৰু এই পাতবোৰ কি কি উপায়েৰে ব্যৱহাৰ কৰিব পাৰি, ইয়াত জনাওক ৷
শালমইনা দূৰ কৰে
নিমৰ এন্টি বেক্টেৰিয়াল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে ৷ শালমইনা ভাল কৰিবলৈ নিম ফেচ ৱাছ আৰু নিম চাবোন ব্যৱহাৰ কৰিব পাৰে ৷ নিম পাতৰ পৰা তৈয়াৰী পেষ্টে শালমইনাৰ ফুলা কম কৰে ৷ ইয়াৰ ফলত ছালৰ ৰঙা পৰা কমি যায় ৷ নিম পাতৰ পেষ্ট বনাই ছালত লগাব পাৰে ৷
ডাৰ্ক চাৰ্কল
নিমৰ এন্টিঅক্সিডেন্ট গুণ আছে ৷ নিম পাতৰ পেষ্ট ১০ মিনিটৰ বাবে ছালত লগাব পাৰে ৷ নিমপাতৰ পেষ্ট কিছু সময় ছালত থৈ দিয়াৰ পিছত আঁতৰাই পেলাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ ছালত শীতলতা আহিব ৷ ইয়াৰ লগে লগে ডাৰ্ক চাৰ্কলৰ সমস্যা নাইকিয়া হৈ যাব ৷
ছালৰ বিষ