অসম

assam

ETV Bharat / sukhibhava

Benefits of Dragon Fruit: সুস্বাস্থ্যৰ বাবে নিশ্চয় খাওক এইবিধ দামী ফল; স্বাস্থ্যই লাভ কৰিব অনেক উপকাৰিতা - ড্ৰেগন ফল

যদি আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে তেন্তে নিশ্চিতভাৱে ‘কমলাম’ (Kamalam)অৰ্থাৎ ড্ৰেগন ফ্ৰুট সেৱন কৰক ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যই লাভ কৰিব অনেক উপকাৰিতা ৷ সবিশেষ পঢ়ক...

Amazing Benefits of Dragon Fruit For Health
সুস্বাস্থ্যৰ বাবে নিশ্চয় খাওক এইবিধ দামী ফল; স্বাস্থ্যই লাভ কৰিব অনেক উপকাৰিতা

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:01 PM IST

ড্ৰেগন ফল দেখাত পদুমৰ দৰে, খাবলৈ বৰ সোৱাদ আৰু বজাৰত ইয়াৰ দাম সাধাৰণ ফলতকৈ অলপ বেছি ৷ ইয়াৰ বৈজ্ঞানিক নাম হিলোচেৰাছ উণ্ডাছ, যাক ভাৰতত ‘কমলাম’ বুলিও জনা যায় ৷ ই প্ৰধানকৈ লেটিন আমেৰিকাৰ দেশত উৎপাদিত হয় আৰু তাৰ পৰাই ড্ৰেগন ফল ভাৰতলৈও ৰপ্তানি কৰা হয় ৷

ড্ৰেগন ফলৰ ৫টা আচৰিত উপকাৰিতা

ড্ৰেগন ফল দুই প্ৰকাৰৰ, এটাত বগা পাল্প আৰু আনটো ৰঙা পাল্প থাকে ৷ ইয়াত ফেনলিক এচিড, এন্টিঅক্সিডেন্ট, ফ্লেভন’ইড, এছক’ৰবিক এচিড আৰু আঁহ আদি পুষ্টিকৰ উপাদান পোৱা যায় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে এই ফলবিধ খোৱাৰ আচৰিত উপকাৰিতাসমূহ জানি লও আহক...

১/ ডায়েবেটিছত সহায়ক

যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে ড্ৰেগন ফল আপোনাৰ বাবে কোনো ঔষধতকৈ কম নহয় ৷ মধুমেহ ৰোগক নিৰাময় কৰাৰ কোনো উপায় নাই যদিও ‘ড্ৰেগন ফল’ খোৱাৰ ফলত ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

ক’ৰনাৰ সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত সদায় গুৰুত্ব দিয়া হয় ৷ ড্ৰেগন ফলত এন্টিঅক্সিডেন্ট আৰু এন্টিভাইৰেল গুণ পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায় ৷

৩/ চুলি সুস্থ হৈ থাকিব

ড্ৰেগন ফলত থকা পুষ্টিকৰ উপাদান চুলি আৰু ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ‘ড্ৰেগন ফল’ত থকা ফেটি এচিডে চুলিক সুস্থ কৰি ৰাখে ৷

৪/ হজম শক্তি ভাল হব

ৰাসায়নিক যৌগ অলিগোচেকাৰাইডৰ প্ৰিবায়টিক উপাদান ড্ৰেগন ফলত পোৱা যায় যিয়ে অন্ত্ৰত সুস্থ বেক্টেৰিয়া সৃষ্টি কৰাত সহায় কৰে ৷ ইয়াৰ ফলত হজম শক্তি উন্নত হয় ৷

৫/ দাঁত মজবুত কৰা

যদি আপোনাৰ দাঁত বিষ হৈছে বা দাঁত দুৰ্বল হৈ পৰিছে তেন্তে আপুনি ড্ৰেগন ফল গ্ৰহণ কৰাটো উচিত ৷ ইয়াত কেলচিয়াম আৰু ফছফৰাছৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে দাঁতক মজবুত কৰি তোলে ৷

লগতে পঢ়ক:Diabetes Care: নিয়ন্ত্ৰিত হ’ব মধুমেহ, কেৱল খাবলৈ আৰম্ভ কৰক এইসমূহ শাক-পাচলি

ABOUT THE AUTHOR

...view details