আলঝেইমাৰ ৰোগ(Alzheimer) হোৱাৰ সঠিক কাৰণ জনা নাযায় যদিও জেনেটিক কাৰণো থাকিব পাৰে(Alzheimer's disease)। কাৰণ যিসকল লোকৰ পৰিয়ালত কাৰোবাৰ আলঝেইমাৰ ৰোগ হোৱাৰ ইতিহাস আছে, তেওঁলোকৰ বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ কাৰোবাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয় । সক্ৰিয় হৈ থাকি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ অলপ কমাব পাৰি ।
এনে ৰোগীয়ে প্ৰথম অৱস্থাত সদায় দেখি থকা বস্তুৰ, যেনে- কলম, পেপাৰ, চামুচ, টি.ভি. আদিৰ নাম পাহি যায়, কিছু সময় আগতে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নাথাকে । গা ধোৱা চাবোন, টুথব্ৰাছ আদি ক’ত ৰাখে পাহৰি যায়, আহাৰ খাই পাহৰি যায় আৰু পুনৰ খাব বিচাৰে, সদায় দেখি থাকিলেও সঠিকভাৱে মানুহৰ নাম, ঠাইৰ নাম, ৰাস্তা-পদূলি আদিৰ নাম পাহৰি চিনি নোপোৱা হৈ পৰে(Alzheimer disease treatment Symptoms)। ঘৰৰ পৰা ওলাই গ’লে ঘৰলৈ উভতি অহা ৰাস্তা পাহি অনাই-বনাই ঘূৰি ফুৰিব লগা অৱস্থা হয় । শোৱা কোঠা পাহৰি শোৱা কোঠা বুলি ভাবি বাথৰুম বা পাকঘৰত সোমায়, ৰোগীৰ মুড সঘনাই সলনি হৈ থাকে ।
কেতিয়াবা যদি খঙাল হৈ আক্ৰমণাত্মক হৈ উঠে, কেতিয়াবা আকৌ সৰু ল’ৰা-ছোৱালীৰ দৰে অঁকৰা বা আৱেগিক হৈ পৰে । টি.ভি., ৰেডিঅ’ আদি চলাব নোৱৰা হৈ পৰে । ফোনটোও ধৰিব নজনা হয় । সাধাৰণ খেলবোৰৰ (লুডু, কেৰম আদি) নিয়মবোৰ পাহৰি তাকো খেলিব নোৱৰা হৈ পৰে, ঘৰত পিন্ধি থকা পোছাকেৰে বাহিৰলৈ ওলাই যায় । লাহে লাহে ঘৰৰ মানুহকো চিনি নোপোৱা হৈ পৰে, ৰোগীৰ শৌচ-প্ৰস্ৰাৱৰ ওপৰতো নিয়ন্ত্ৰণ নথকা হৈ পৰে, ৰোগী সম্পূৰ্ণ এটা কেঁচুৱাৰ দৰে হৈ শয্যাশায়ী হৈ পৰে । এনে ৰোগী হঠাত্ পৰি শাৰীৰিক আঘাত পোৱা, মানসিক সমস্যাত ভোগা, চাফ-চিকুণতাৰ অভাৱত সঘনাই বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈ ৰোগত পৰা আৰু ৰোগী ডায়েবেটিছ বা উচ্চ ৰক্তচাপত ভুগিলে চিকিৎসা কৰা টান হৈ পৰে(Alzheimer disease caused by deficiency of)।