কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত তথা দীপাৱলীৰ প্ৰাকমুহূৰ্তত ধনতেৰচৰ পালন কৰা হয় ৷ ধনতেৰচত গণেশ, কুবেৰ, লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয় ৷ লগতেই বহু লোকে এই দিনটোত সাধ্য অনুসৰি ধন-সোণ আদি ক্ৰয় কৰে ৷ ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয় ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায় ৷
ধনতেৰচত কোন ৰাশিৰ ব্যক্তিয়ে কি বস্তু ক্ৰয় কৰিলে গোটেই বছৰটো ভাল ফল লাভ কৰিব ?
মেষ ৰাশি- এই বছৰৰ ধনতেৰচত মেষ ৰাশিৰ জাতক-জাতিকাসকলে তামৰ বা সোণৰ সামগ্ৰী, সোণৰ পইচা যদি ক্ৰয় কৰে বা ৰক্ত প্ৰবাল ক্ৰয় কৰে তেন্তে শুভ ফল লাভ কৰিব ৷
বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত ৰূপ সামগ্ৰী, ৰূপৰ অলংকাৰ বা হীৰাৰ অলংকাৰ , হীৰা ক্ৰয় কৰিলে শুভফল লাভ কৰিব ৷
মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত পিতলৰ সামগ্ৰী, সোণৰ অলংকাৰ বা পইচা, পান্না ক্ৰয় কৰি শুভফল লাভ কৰিব পাৰে ৷
কৰ্কট ৰাশি-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত ৰূপৰ মা লক্ষ্মী বা গণেশৰ আকৃতি থকা পইচা ক্ৰয় কৰে বা ৰূপৰ অলংকাৰ ক্ৰয় কৰে তেন্তে শুভফল লাভ কৰিব ৷ লগতেই কৰ্কট ৰাশিৰ লোক সকলে মুকুতাৰ ৰত্নও ক্ৰয় কৰিব পাৰে ৷
সিংহ ৰাশি-সিংহ ৰাশিৰ জাতক-জাতিকাসকলে সোণৰ গহনা বা সোণৰ পইচা ক্ৰয় কৰিব পাৰে ৷