অসম

assam

ETV Bharat / sukhibhava

সামাজিক মাধ্যমৰ পৰা এসপ্তাহ বিৰত থাকক: উন্নত হ’ব মানসিক অৱস্থা

বৰ্তমান সময়ত বহু লোকৰ বাবে সামাজিক মাধ্যম এক অপৰিহাৰ্য অংগ হৈ পৰিছে । কিন্তু সামাজিক মাধ্যমৰ ব্যৱহাৰে বহুতো ক্ষতি কৰিব পাৰে (Using social media can harm health)। ইয়াক জানিবলৈ বাথ বিশ্ববিদ্যালয়ে এক অধ্য়য়ন চলাইছিল । এসপ্তাহৰ বাবে তেওঁলোকক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰখা হৈছিল ।

mental health
সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে মানসিক স্বাস্থ্যৰ উন্নতি হ'ব পাৰে

By

Published : May 7, 2022, 2:17 PM IST

সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে আপোনাৰ কি উপকাৰ হ'ব পাৰে ? এক অধ্যয়নত শেহতীয়াকৈ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । বাথ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এক সপ্তাহৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পৰে তাক লৈ অধ্যয়ন কৰিছিল (Social media affects on mental health)।

অধ্যয়নটোত অংশগ্ৰহণকাৰীসকলক সপ্তাহৰ প্ৰায় ৯ ঘণ্টা সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা আঁতৰাই ৰখা হৈছিল । অন্যথা তেওঁলোকে সেই সময়খিনি ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ আৰু টিকটক স্ক্ৰল কৰাত ব্যস্ত থাকিলহেঁতেন । অধ্যয়নটোৰ বাবে গৱেষকসকলে ১৮ ৰ পৰা ৭২ বছৰ বয়সৰ ১৫৪ গৰাকী ব্যক্তিক লৈছিল যিসকলে প্ৰতিদিনে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছিল । তেওঁলোকক এক সপ্তাহৰ বাবে সকলো সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কোৱা হৈছিল ।

তেওঁলোকক স্বাভাৱিক স্ক্ৰল কৰিবলৈ কোৱা হৈছিল । অধ্যয়নটোৰ আৰম্ভণিতে উদ্বেগ, হতাশা আৰু সুস্থতাৰ ওপৰত অংশগ্ৰহণকাৰীসকলৰ বেচলাইন নম্বৰ লোৱা হৈছিল । অংশগ্ৰহণকাৰীসকলে অধ্যয়নটোৰ আৰম্ভণিতে সামাজিক মাধ্যমত প্ৰতি সপ্তাহত গড়ে ৮ ঘণ্টা সময় অতিবাহিত কৰাৰ কথা কৈছিল । এসপ্তাহ পাছত তেওঁলোকক পৰৱৰ্তী এক সপ্তাহ সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা বিৰতি থাকিবলৈ কোৱা হৈছিল ।

পাছত দেখা গৈছিল যে অংশগ্ৰহণকাৰীসকলৰ সুস্থতা, হতাশা আৰু উদ্বেগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নতি হৈছিল । অংশগ্ৰহণকাৰীসকলক গড়ে ৭ ঘণ্টাৰ পৰিৱৰ্তে গড়ে ২১ মিনিটৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল । ব্যক্তিসকলে এই আহ্বান মানি চলিছে নে নাই নিৰীক্ষণ কৰা হৈছিল ।

বাথৰ স্বাস্থ্য বিভাগৰ মুখ্য গৱেষক ডাঃ জেফ লেম্বাৰ্টে এইদৰে বৰ্ণনা কৰিছে যে সামাজিক মাধ্যম ইমানে ব্যৱহাৰ হয় যে আমি পুৱা সাৰ পোৱাৰ পৰা আকৌ ৰাতি টোপনি যোৱালৈ কোনো চিন্তা নকৰাকৈয়ে ইয়াৰ ব্যৱহাৰ কৰোঁ । সামাজিক মাধ্যমৰ ব্যৱহাৰ যথেষ্ট বহল আৰু ইয়াৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ বিষয়ে উদ্বেগ বৃদ্ধি পাই আহিছে । সেয়েহে এই অধ্যয়নৰ জৰিয়তে এক সপ্তাহত ইয়াক ব্যৱহাৰ নকৰিলে মানসিক স্বাস্থ্য উন্নতি হয় নে চাবলৈ তেওঁলোকে এই অধ্যয়নটো কৰা বুলি তেওঁ উল্লেখ কৰে ।

বহুতো অংশগ্ৰহণকাৰীয়ে আকৌ সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ পাছত ইতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছে (Mental health effects of social media break)। সেয়ে পৰামৰ্শ দিয়া হৈছে সামাজিক মাধ্যমৰ পৰা মাত্ৰ অলপ সময় বিৰতিৰ প্ৰভাৱ পৰিব পাৰে । অৱশ্যে, সামাজিক মাধ্যম জীৱনৰ এটা অংশ আৰু বহুলোকৰ বাবে যোগাযোগৰ এক অপৰিহাৰ্য অংশ । যদি আপুনি প্ৰতি সপ্তাহত স্ক্ৰল কৰি ঘণ্টা ঘণ্টা সময় অতিবাহিত কৰে আৰু ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে নাজানে তেনেহ'লে আপুনিও কিছু সময় সামাজিক মাধ্যমৰ পৰা বিৰত থাকি চাব পাৰে ।

গৱেষণাৰ দলটোৱে বিভিন্ন বয়সৰ লোকৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে কেনেধৰণৰ উপকাৰ হয় তাক চাবলৈ কম বয়সীয়া লোক বা শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে নথকা ব্যক্তিৰ ক্ষেত্ৰত লাভালাভবোৰ পৰীক্ষা কৰিছে । সময়ৰ লগে লগে লাভালাভবোৰ স্থায়ী হয় নে নহয় তাৰ বাবে দলটোৱে লোকসকলক এক সপ্তাহতকৈ বেছি সময় অনুসৰণ কৰিব বিচাৰে ।

যোৱা ১৫ বছৰত, সামাজিক মাধ্যমে বিপ্লৱ আনিছে । ব্ৰিটেইনত সামাজিক মাধ্যম ব্যৱহাৰ কৰা প্ৰাপ্তবয়স্কৰ সংখ্যা ২০১১ চনত ৪৫ শতাংশৰ পৰা ২০২১ চনত ৭১ শতাংশলৈ বৃদ্ধি পাইছে । ১৬ ৰ পৰা ৪৪ বছৰীয়া লোকৰ ভিতৰত প্ৰায় ৯৭ শতাংশই সামাজিক মাধ্যম ব্যৱহাৰ কৰে । ইফালে প্ৰায় এসপ্তাহত সমাজৰ ৬ জনৰ ভিতৰত এজনে হতাশা আৰু উদ্বেগত ভোগে ।

লগতে পঢ়ক :কোনবোৰ ঔষধ আপুনি একেলগে গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে ?

ABOUT THE AUTHOR

...view details