ডিহাইড্ৰেচনৰ নিজকে ৰক্ষা কৰিবলৈ বা সুস্থ থাকিবলৈ যেতিয়া আপুনি উপায় বিচাৰে তেতিয়া প্ৰথমে আপোনাক পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে । গ্ৰীষ্মকালত অত্যাধিক ঘাম ওলোৱাৰ ফলত, শৰীৰৰ পৰা বহু প্ৰকাৰৰ খনিজ পদাৰ্থ ওলাই, যাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে । এটা আগশাৰীৰ পুষ্টি ব্ৰেণ্ডৰ সহ-প্ৰতিষ্ঠাপক বৰুণ খান্নাই ডিহাইড্ৰেটেচনৰ পৰা ৰক্ষা পোৱাৰ কেইটামান পৰামৰ্শ দিছে । সেই কেইটা তলত উল্লেখ কৰা হ'ল -
তিয়ঁহৰ বিশেষ পানীয় (Cucumber detox drink)
তিয়ঁহৰ ৰস হৈছে ভিটামিন এ, চি, কে, মেগনেছিয়াম, চিলিকন আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে ভৰা এক হাইড্ৰেটিং আৰু ক্ষাৰীয় পানীয় (Cucumber juice is a hydrating beverage)। ই সমগ্ৰ শৰীৰ পৰিষ্কাৰ আৰু বিষমুক্ত কৰিব পাৰে, লগতে গেষ্ট্ৰাইটিছ, এচিড ৰিফ্লাক্স, বুকু জ্বলা, বদহজম আৰু আলচাৰৰ দৰে হজমৰ সমস্যা সমাধানত সহায় কৰিব পাৰে । তিয়ঁহ বেছিভাগ পানীৰে ভৰা, সেয়েহে ইয়াৰ পৰা ৰস উলিওৱা অতি সহজ ।
ৰসটো স্পা পানীয়ৰ দৰে, যেতিয়া মালিচ কৰাৰ পিছত আপোনাক দিয়া হয় । তিয়ঁহ প্ৰথমে ধুই লৈ বাকলি আঁতৰাই ব্লেণ্ডিঙৰ জৰিয়তে ৰস উলিয়াব পাৰি । ইয়াত এক চামুচ নিমখ যোগ দিব পাৰে । আপুনি আপোনাৰ পানীৰ বটলত তিয়ঁহ আৰু পুদিনা পাত দি এই বিশেষ পানীয় তৈয়াৰ কৰিব পাৰে ।
ইলেক্ট্ৰলাইট পানী (Electrolyte water)
ইলেক্ট্ৰলাইট পানী হৈছে এক কম কেলৰিযুক্ত যাক ইলেক্ট্ৰলাইটৰ সলনি ব্যৱহাৰ কৰিব পাৰি আৰু হাইড্ৰেটেড হৈ থকাত সহায় কৰে (Electrolyte infused water is a low calorie)। কিছুমান প্ৰকাৰত অধিক পৰিমাণৰ ইলেক্ট্ৰলাইট থাকে । আপুনি ইলেক্ট্ৰলাইট পানীয় কিয় খাই আছে সেয়া প্ৰথম গুৰুত্বপূৰ্ণ বিষয় । তাৰ পাছতহে কিমান ব্যয়বহুল পানীয় খাব সেয়া গুৰুত্বপূৰ্ণ হ'ব ।
আপুনি আপোনাৰ পানীৰ বটলত সতেজকৈ কটা ফলৰ মিশ্ৰণ আৰু বনৌষধি যোগ দি আপোনাৰ নিজৰ সোৱাদ অনুসৰি, ইলেক্ট্ৰলাইটযুক্ত পানীয় প্ৰস্তুত কৰিব পাৰে ।
চাল কুঁৱৰী ৰস (Aloe vera Juice)
চাল কুঁৱৰী এবিধ ৰসাল উদ্ভিদ (The aloe plant has high water content)।সেয়েহে, যদি আপুনি হাইড্ৰেটেড হৈ থকাৰ উপায় বিচাৰি আছে বা স্বাস্থ্যৰ কথা চিন্তা কৰিছে তেনেহ'লে চাল কুঁৱৰীৰ ৰস খাওক ।
বাটাৰমিল্ক (Buttermilk)
বাটাৰমিল্ক অতি সতেজ আৰু ই আমাৰ শৰীৰক লগে লগে শীতল কৰে । গ্ৰীষ্মকালত জিৰা, পুদিনা আৰু নিমখৰ সৈতে এগিলাচ বাটাৰমিল্কে আমাৰ তৃষ্ণা নিবাৰণ কৰাৰ লগতে শৰীৰটোক শীতল কৰি ৰাখে । ইয়াক বৰফৰ টুকুৰাৰ সৈতেও পৰিৱেশন কৰিব পাৰি । যাৰ বাবে বজাৰৰ শীতল পানীয়ত কৈ ই বেছি পছন্দৰ হয় ।