নেশ্যনেল ডেস্ক, 8 আগষ্ট:ৱাইপছ্ আমি সততে ছাল পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰো ৷ কিন্তু এই ৱাইপছ্সমূহ আমি ডাইপাৰ সলনি কৰাৰ লগতে, ঘৰৰ ভিন্ন সামগ্ৰী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰতো বহু সময়ত ব্যৱহাৰ কৰো ৷ ইয়াৰ ওপৰিও আমি বৰ্তমান এনে ৱাইপছ্ ৰ সন্ধানত আছো যি আমাৰ ঘৰৰ সামগ্ৰী সমূহৰ পৰা বীজাণুও পৰিস্কাৰ কৰিব পাৰে ৷ কিন্তু বজাৰত উপলব্ধ বহু বীজাণুমুক্ত ৱাইপছে এই উদ্দেশ্য পুৰন কৰিব নোৱাৰে ৷
কিছুমান সামান্য ভুল আছে, যিবোৰ আপুনি সেই ৱাইপছ্ সমূহ ব্যৱহাৰ কৰাৰ সময়ত কৰিব পাৰে:
1. আপুনি ছালত কিছুমান বীজাণুমুক্ত ৱাইপছ্ ৰ ব্যৱহাৰ কৰিব পাৰে ৷ কিন্তু এনে ৱাইপছ ব্যৱহাৰৰ ক্ষেত্ৰত আপোনাৰ শৰীৰত কিছুমান সমস্যাই দেখা দিব পাৰে ৷ বীজাণুমুক্ত ৱাইপছ্ ব্যৱহাৰে ছালত খজুৱতি, এলাৰ্জী আদিৰ দৰে কিছুমান সমস্যাই দেখা দিব পাৰে ৷ যাৰবাবে সেই ৱাইপছ্ বোৰত থকা ৰাসায়নিক পদাৰ্থ সমূহ দায়ী ৷ সেয়ে শিশুৰ ছালত তেনে ৱাইপছ্ ব্যৱহাৰৰ পূৰ্বে লেবেলটো ভালদৰে পৰীক্ষা কৰি পঢ়ি ল'ব লাগে ৷
2. ৱাইপছ্ সমূহে সাধাৰণতে কাপোৰ বা ছোফাৰ দৰে নৰম পৃষ্ঠসমূহত কাম নকৰে ৷ গতিকে মেজ আদিৰ দৰে কঠিন পৃষ্ঠ সমূহতহে ৱাইপসমূহে ভালদৰে কাম কৰে ৷
3. কেতিয়াও একেখন ৱাইপ বহু কামৰ বাবে ব্যৱহাৰ কৰিব নালাগে ৷ কিয়নো এবাৰ ব্যৱহাৰ কৰাৰ ফলত সেই বাইপ সমূহত ক্ষতিকাৰক বীজাণু বা বেক্টেৰিয়াৰ পয়োভৰ ঘটিব পাৰে ৷ সেয়েহে সদায় পৃথক ৱাইপহে ব্যৱহাৰ কৰিব লাগে ৷
4. ফল বীজাণুমুক্ত কৰিবলৈ ৱাইপ ব্যৱহাৰ নকৰিব ৷ কিয়নো আমি সকলোৱে হয়তো যিকোনো বস্তু পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত ৱাইপ ব্যৱহাৰ কৰো ৷ কিন্তু আপেল, নাচপতি আদিৰ দৰে ফল সমূহ ৱাইপেৰে চাফা নকৰিব ৷ কিয়নো ই আপোনাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে ৷ আপুনি ফলসমূহ পানীৰে ধুই, পৰিস্কাৰ কাপোৰ প্ৰয়োগ কৰিহে শুকাবলৈ দিয়ক ৷