উগাণ্ডাৰ ছাফিনা নামুকৱেয়া নামৰ এগৰাকী ৭০ বছৰীয়া মহিলাই শেহতীয়াকৈ একক প্ৰসৱৰ সময়ত যমজ সন্তান জন্ম দিয়ে ৷ এয়া এক আচৰিত উপলব্ধি, কিয়নো সাধাৰণতে ৪০ বছৰ বয়সৰ পিছত মহিলাৰ বাবে গৰ্ভধাৰণ কৰাটো তেনেই কঠিন তেনেস্থলত ছাফিনাই এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাটো তেনেই এক আশ্চৰ্যকৰ বিষয় হৈ পৰিছে ৷
ছাফিনাই কয় যে, তেওঁ সদায় মাতৃ হ’ব বিচাৰিছিল, কিন্তু বয়সৰ বাবে তেওঁ এই সপোন পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ তেওঁ কয় যে, গৰ্ভৱতী হ’ব নোৱৰাৰ বাবে তেওঁক গ্ৰাম্য সমাজত ‘অভিশপ্ত মহিলা’ বুলি কোৱা হৈছিল ৷ শেষত ছাফিনাই আইভিএফ (ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন) কৌশলৰ আশ্ৰয় লয়, তাৰ পিছত তেওঁৰ ৭০ বছৰ বয়সত যমজ সন্তান জন্ম হয় ৷
আইভিএফ কি ?
আইভিএফ বা ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন হৈছে এক সহায়ক প্ৰজনন প্ৰযুক্তি যিটোক টেষ্ট টিউব বেবী বুলিও কোৱা হয় । এই কৌশলত প্ৰথমে ডিম্বাশয়ৰ পৰা পূৰ্ণবয়স্ক ভ্ৰূণ সংগ্ৰহ কৰি পৰীক্ষাগাৰত শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা হয় আৰু তাৰ পিছত নিষিক্ত ভ্ৰূণ জৰায়ুলৈ স্থানান্তৰ কৰা হয় । এই গোটেই চক্ৰটোৱে প্ৰায় তিনি সপ্তাহ সময় লয় ।
আইভিএফ কৰাৰ পূৰ্বে দম্পতীক কেইবাটাও পৰীক্ষা কৰা হয় যেনে মহিলাৰ বাবে ডিম্বাণু নিঃসৰণৰ মূল্যায়ন, ফেল’পিয়ান টিউবৰ পৰীক্ষা, জৰায়ুৰ গহ্বৰৰ মূল্যায়ন আৰু মৌলিক হৰম’নৰ প্ৰফাইল আৰু পুৰুষৰ বাবে বীৰ্য বিশ্লেষণ আদি প্ৰাৰম্ভিক পৰীক্ষা কৰা হয় । এইবোৰৰ ভিত্তিত ইয়াৰ চিকিৎসাৰ প্ৰক্ৰিয়া নিৰ্ণয় কৰা হয় ।