অসম

assam

By

Published : Mar 10, 2022, 5:24 PM IST

ETV Bharat / sukhibhava

ছাল সম্পৰ্কীয় বিভিন্ন সমস্যাৰ ৭ টা প্ৰধান কাৰক

ছালৰ যত্ন লোৱাটো বৰ্তমান সময়ত প্ৰায় সকলোৰে বাবে প্ৰধান কৰ্তব্য হৈ পৰিছে । যাৰ ফলত সমগ্ৰ বিশ্বত এক বৃহৎ বজাৰৰ সৃষ্টি হৈছে । বজাৰত বহুতো সামগ্ৰী উপলব্ধ যিয়ে ছালৰ সমস্যা নিৰাময়ৰ দাবী কৰে । যদিও সেই সামগ্ৰীবোৰৰ কিছুমানে সন্তোষজনক ফলাফল দিয়ে, ছালৰ সমস্যাবোৰ কেনেদৰে আহিব পাৰে (What causes skin problems) । সেই বিষয়ে আমি জনা দৰকাৰ । ছালৰ বিভিন্ন সমস্যা আনিব পৰা ৭ টা প্ৰধান কাৰকৰ বিষয়ে জানো আহক ।

skin problems
ছাল সম্পৰ্কীয় বিভিন্ন সমস্যাৰ ৭ টা প্ৰধান কাৰক

প্ৰতিজন পুৰুষ আৰু প্ৰতিগৰাকী মহিলাই এখন ধুনীয়া, উজ্জ্বল আৰু দাগ নথকা ছাল বিচাৰে । কিন্তু অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই ক্ষেত্ৰত বাধা হিচাপে থিয় দিয়ে । আপোনাৰ দৈনন্দিন জীৱনৰ কিছুমান পছন্দৰ বাবে আপোনাৰ দেহৰ ছালখন শুকান আৰু ভাগৰুৱা যেন লাগিব পাৰে । আনকি বিভিন্ন ধৰণৰ দাগ আৰু ব্লেকহেড আদিৰ দৰে সমস্যাৰো সৃষ্টি হ'ব পাৰে ।

আভ্যন্তৰীণ কাৰণৰ লগতে কিছুমান বাহ্যিক কাৰণো আছে যিয়ে আপোনাৰ ছালখনক প্ৰভাৱিত কৰিব পাৰে । উত্তৰাখণ্ডৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ আশা চাক্লানিয়ে এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে । তেওঁ কেইটামান বাহ্যিক কাৰকৰ কথাও উল্লেখ কৰিছে । সেইবোৰ বিষয়ে তলত উল্লেখ কৰা হ'ল ।

প্ৰদূষণ (Pollution)

যেতিয়া আমি আমাৰ ছালৰ ওপৰত প্ৰভাৱিত কৰা বিভিন্ন কাৰকৰ কথা কওঁ তেতিয়া সকলোতকৈ শীৰ্ষত থাকে প্ৰদূষণ (Pollution can cause skin problems)। বায়ুত থকা প্ৰদূষকৰ উপাদানবোৰে আমাৰ ছালৰ ছিদ্ৰবোৰ বন্ধ কৰে । যাৰ ফলত ছালখনে উশাহ লোৱাত কষ্ট পায় ।

প্ৰদূষিত বায়ুয়ে কেৱল আমাৰ ছালৰ আৰ্দ্ৰতা কমাই অনাই নহয়, ইয়াক শুকান কৰে আৰু ইয়াৰ ফলত উজ্জ্বলতা হ্ৰাস পায় । লগতে ইয়াত থকা অ'জ'ন (ozone), নাইট্ৰ'জেন অক্সাইড (nitrogen oxide) আৰু পাৰ্টিকুলেট মেটাৰে (particulate matter) কোলাজেন আৰু ইলাষ্টিন ফাইবাৰৰ ক্ষতি কৰে । ই ছালৰ জ্বলা-পোৰা, ৰঙা পৰা, একজিমা (eczema), অকাল বাৰ্ধক্য, কোঁচ খোৱা, এলাৰ্জি, ডাঠ দাগ, ডাৰ্মাটাইটিছ, চ'ৰিয়েচিছৰ আশংকা অধিক বৃদ্ধি কৰে আৰু কিছুমান ক্ষেত্ৰত ছালৰ কৰ্কট ৰোগৰ আশংকাও বৃদ্ধি পায় ।

সূৰ্যৰ ৰশ্মি (Sunlight)

প্ৰদূষকৰ সৈতে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি একলগ হৈ ছালৰ বহুতো সমস্যা আনিব পাৰে (Harmful sun rays can cause many skin problems)। যেনে হাইপাৰপিগমেণ্টেচন, ছাল কোঁচ খোৱা, এলাৰ্জি আৰু ছালৰ বৰণ ক'লা হোৱা । 'মেকানিকেল বিহেভিয়াৰ অফ বায়োমেটেৰিয়েলছ' (Mechanical Behavior of Biomaterials) আলোচনীত প্ৰকাশিত বিংহামটন বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালৰ কৰ্কট ৰোগৰ আশংকাও বৃদ্ধি হ'ব পাৰে ।

পানী কমকৈ খোৱা (Insufficient water intake)

মানৱ শৰীৰ ৬০ শতাংশ পানীৰে গঠিত, যাৰ বাবে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ পানী গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় (Water is important for good health)। সেয়েহে, বহুতো স্বাস্থ্যজনিত সমস্যাৰ বাবে কমকৈ পানী খোৱা বা ডিহাইড্ৰেচন দায়ী বুলি ক'ব পাৰি । যদি আমি ছালৰ কথা কওঁ, সঠিকভাৱে পানী খোৱাৰ ফলত ই ছালক প্ৰাকৃতিকভাৱে হাইড্ৰেটেড আৰু ময়েশ্চাৰিজ (Moisturised) কৰাত সহায় কৰে । ছালৰ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰি ৰাখে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে ।

টোপনিৰ অভাৱ (Lack of sleep)

সকলোৱে এই বিষয়ে অৱগত যে টোপনিৰ অভাৱৰ ফলত চকুত ডাৰ্ক চাৰ্কল (Dark circles) পৰিব পাৰে আৰু লগতে আপোনাৰ মুখখন ভাগৰুৱা যেন লাগিব পাৰে । সেয়েহে, এজন ব্যক্তিৰ বাবে প্ৰতিদিনে ৭-৯ ঘণ্টা টোপনি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । টোপনিয়ে শৰীৰৰ জৈৱিক ক্ৰিয়া সঠিকভাৱে পৰিচালনা কৰি ৰাখে, যাৰ প্ৰভাৱ আমাৰ ছালত দেখা যায় । ই কোষৰ কাৰ্য প্ৰণালী আৰু বয়স বৃদ্ধি প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায় । টোপনিৰ অভাৱৰ ফলত বাৰ্ধক্য প্ৰক্ৰিয়া (ageing process) ত্বৰান্বিত হয় আৰু ছাল সম্পৰ্কীয় অন্যান্য সমস্যা দেখা দিব পাৰে (Lack of sleep leads to various skin problems)।

চাপ (Stress)

বিভিন্ন ধৰণৰ চাপে শাৰীৰিক সমস্যাৰ লগতে আমাৰ ছালৰ ওপৰতো প্ৰভাৱ পেলায় । ইয়াৰ কাৰণ হৈছে চাপৰ ফলত শৰীৰত কৰ্টিচোল (cortisol) নামৰ হৰমনৰ পৰিমাণ বৃদ্ধি হয় যিটোৱে ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে । ইয়াৰ ফলত বিভিন্ন ধৰণৰ দাগ, ডাৰ্ক চাৰ্কল (Dark circles), অকাল বাৰ্ধক্য (premature ageing), একজিমা আৰু চ'ৰিয়েচিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

ধূমপান (Smoking)

ধূমপানে কোলাজেন ফাইবাৰক (collagen fibers) প্ৰভাৱিত কৰে আৰু ছালত উৎপন্ন হোৱা এনজাইমে ইলাষ্টিক ফাইবাৰৰ (elastic fiber) ক্ষতি কৰে । ধূমপানে ছালত ইউভি ৰশ্মিৰ (UV rays) প্ৰভাৱো বৃদ্ধি কৰে । ইয়াৰ ফলত ধমনীবোৰ সংকুচিত হয়, যিয়ে ছালৰ সংযোজক পোশীবোৰক অধিক ক্ষতিগ্ৰস্ত কৰিব পাৰে ।

অস্বাস্থ্যকৰ আহাৰ (Unhealthy diet)

যথেষ্ট পৰিমাণৰ জাংক ফুড (junk food) খালে শৰীৰত বিষাক্ত পদাৰ্থৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে । যদি এই বিষাক্ত পদাৰ্থবোৰ শৰীৰত জমা হৈ থাকে, ই যকৃতৰ ওপৰত চাপ দিব পাৰে । যাৰ প্ৰভাৱ ছালৰ ওপৰত পিম্পলছৰ (pimples) ৰূপত প্ৰতিফলিত হয় । স্বাস্থ্যকৰ আহাৰ গ্ৰহণ নকৰিলে ছাল সম্পৰ্কীয় আন বহুতো সমস্যা দেখা দিব পাৰে ।

লগতে পঢ়ক :Summer diet for good health : গ্ৰীষ্মকালত সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ?

ABOUT THE AUTHOR

...view details