একৈশ শতিকাৰ আৰম্ভণিতে যৌৱনপ্ৰাপ্তসকল (Millennials), ভাৰতীয় উপভোক্তা বজাৰৰ যিসকল প্ৰায় দুই-তৃতীয়াংশ তেওঁলোক অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে জনাজাত । আনহাতে, ইয়ে জীৱনশৈলীৰ ৰোগৰ সৈতে যুঁজি থকা Gen Y ৰ উচ্চ শতাংশ ব্যাখ্যা কৰে ।
অৱশ্যে শেহতীয়াকৈ মিলেনিয়েলছসকলে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বিষয়ে সজাগ হৈ উঠিছে (millennials becoming aware of healthy eating habits) । গতিকে যদি আপুনিও Gen Y ৰ অন্তৰ্ভুক্ত আৰু স্বাস্থ্যকৰ জীৱনৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি আছে, তেনেহ'লে নিম্নলিখিত স্বাস্থ্যকৰ খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্য যাত্ৰা নিখুঁত কৰাত সহায় কৰিব পাৰে :
কাৰ্যসূচী এখন বনাওক আৰু সেয়া কঠোৰভাৱে পালন কৰক (Make a Schedule and Stick to it) : সময়সূচী প্ৰস্তুত কৰা আৰু তাৰ পিছত নিৰন্তৰভাৱে তাত লাগি থাকিলে আপোনাক আপোনাৰ নিজৰ খাদ্যাভ্যাসৰ অনুশাসনত সহায় কৰিব । অভ্যাসটো নিখুঁত কৰিবলৈ এখন ডায়েৰী তৈয়াৰ কৰক আৰু আপুনি খোৱা সকলোবোৰ তাত লিখক ।
ইয়াৰ উপৰি, কেলৰি গ্ৰহণৰ বিষয়ে শুদ্ধ হিচাপ ৰাখিব আৰু আপোনাক কিমান প্ৰয়োজন আৰু আপুনি সেয়া কিমান গ্ৰহণ কৰে সেয়া লিপিবদ্ধ কৰিব (close track of intake of calories how much need and how much spend)। এই হিচাবে আপোনাক আপোনাৰ প্ৰয়োজন আৰু গ্ৰহণৰ পৰিমাণ সলনি কৰাত সহায় কৰিব আৰু সেই অনুসৰিয়ে আপোনাৰ খাদ্যাভ্যাস সলনি কৰাত সহায় কৰিব । এনেদৰে কৰি গৈ থাকিলে 21 দিনৰ ভিতৰত আপুনি আপোনাৰ খাদ্যাভ্যাসত যথেষ্ট পৰিৱৰ্তন পাব । যদি আপুনি অনুভৱ কৰে তেন্তে এই ক্ষেত্ৰত এজন পেছাদাৰী পুষ্টিবিদৰ সহায় ল'বলৈ দ্বিধা নকৰিব (take help of professional nutritionist) ।
প্ৰয়োজনীয়তা মূল্যাঙ্কন কৰক আৰু কেতিয়াও আহাৰ এৰাই নাযাব (Evaluate requirements and never skip meals) :কাৰ্যকলাপ আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি পুষ্টিৰ প্ৰয়োজনীয়তা ব্যক্তিভেদে পৃথক হয় (nutritional requirements vary from person to person) । মেক্ৰো আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টৰ ক্ষেত্ৰত আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তা অনন্য আৰু সেয়েহে আপুনি প্ৰথমে আপোনাৰ প্ৰয়োজনীয়তা মূল্যাঙ্কন কৰিব লাগিব । তাৰ পিছত ইয়াৰ বাবে এটা পৰিকল্পনা কৰিব লাগিব । লগতে মিলেনিয়েলছসকলৰ বাবে কেতিয়াও আহাৰ এৰাই চলাটো উচিত নহয় (important for millennials never to skip meal)। আনকি আপোনাৰ ভোকৰ জ্বালা শান্ত কৰিবলৈ মাজতে জলপান গ্ৰহণতো কোনো ক্ষতি নাই । ভজা খাদ্য বাছনি কৰাৰ সলনি, পপড চিপচ, ডাৰ্ক চকলেট আৰু এনাৰ্জি বাৰবোৰে এক স্বাস্থ্যকৰ আৰু সম্পূৰ্ণ জলপানৰ বিকল্প দিব পাৰে ।
বুদ্ধিমত্তাৰে বাছনি কৰক আৰু জাংক ফুডক না কওক (Choose intelligently and say no to Junk) : মিলেনিয়েলছসকল হৈছে নিৰ্দিষ্ট জীৱনশৈলী আৰু কৰ্ম-সংস্কৃতিৰ অংশ আৰু সেয়েহে জনসংখ্যাৰ এই অংশটোলৈ স্বাভাৱিকভাৱে খোৱাৰ বিষয়টো আহে । বিকল্প ব্যৱস্থাটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সৰ্বশ্ৰেষ্ঠ নহ'লেও, আপুনি আপোনাৰ স্বাস্থ্য পৰিকল্পনাবোৰ ৰক্ষা কৰিবলৈ নিশাৰ পাৰ্টি বা সপ্তাহান্তৰ ভ্ৰমণবোৰ বুদ্ধিমত্তাৰে বাছনি কৰিব । আপুনি কৰিব পৰা আটাইতকৈ বুদ্ধিমান কামবোৰৰ ভিতৰত এটা হ'ল জাংক ফুড পৰিহাৰ কৰা আৰু তাৰ সলনি মেনুত উপলব্ধ স্বাস্থ্যকৰ বিকল্প বাছনি কৰা । কোলা আৰু সুৰা সেৱন কৰাটোও আপোনাৰ তালিকাৰ পৰা আঁতৰাই ৰাখিব লাগে (Consuming Colas and alcohol should be off your list) । কিয়নো এই দুয়োটা বস্তুৱে দীৰ্ঘম্যাদী সময়ত আপোনাৰ স্বাস্থ্যত গুৰুতৰভাৱে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে ।