অসম

assam

ETV Bharat / sukhibhava

নৱজাতকৰ পৰিয়ালক সাক্ষাৎ কৰোঁতে মনত ৰাখিবলগীয়া ৫ টা কথা - 5 things to remember when visiting newborns

পৰিয়ালত নৱজাতকৰ আগমন সকলোৰে বাবে আনন্দৰ কাৰণ হ'ব পাৰে । কিন্তু মনত ৰাখিব যেতিয়া হাস্পতালৰ পৰা মাতৃ-সন্তান ঘৰলৈ আহে তেতিয়া বহু কথাত পৰিয়ালটো চিন্তিত হৈ থাকে । বহু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় (Newborn families should take a lot of precautions)। তেনে ক্ষেত্ৰত আপুনি সেই ঘৰখনলৈ যোৱাৰ পূৰ্বে কিছুমান কথা জনাটো অতি দৰকাৰ ।

newborns
নৱজাতকৰ পৰিয়ালক সাক্ষাৎ কৰোঁতে মনত ৰাখিবলগীয়া ৫ টা কথা

By

Published : Jul 10, 2022, 5:33 PM IST

নৱজাতক থকা এটা পৰিয়ালৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে । স্তনপান কৰোৱা, সন্তান জন্ম হোৱাৰ পাছত সঠিকভাৱে আৰোগ্য হোৱা, পূৰ্বৰ তুলনাত টোপনিৰ সময় হ্ৰাস হোৱা আদি বিভিন্ন নতুন নতুন পৰিৱৰ্তন আহে পৰিয়ালটোত । সেয়েহে তেনে এটা পৰিয়াৰ খবৰ ল'বলৈ বা সাক্ষাতৰ বাবে যোৱাৰ পূৰ্বে কেইটামান কথাত গুৰুত্ব দিয়াটো অতি দৰকাৰ । এই ক্ষেত্ৰত ড৹ বংশিকা গুপ্তা আদুকিয়াই কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ দিবলৈ আহ্বান জনাইছে ।

  1. সাক্ষাতৰ বাবে যোৱাৰ পূৰ্বে এটা ফোন কৰি লওক (Make that call before you leave):
    আপুনি তেনে এটা পৰিয়ালক সাক্ষাৎ কৰিবলৈ গ'লে তেওঁলোক বিৰক্ত হ'ব পাৰে । সেয়ে তেনে পৰিয়ালক সাক্ষাত বাবে যোৱাৰ পূৰ্বে এবাৰ যোগাযোগ কৰি ল'ব । তেওঁলোক নৱজাতকৰ নেপিঙত ব্যস্ত থাকিব পাৰে বা খুৱাই থাকিব পাৰে অথবা যোৱা নিশাৰ আধৰুৱা টোপনিৰ বাবে ভাগৰুৱা হৈ থাকিব পাৰে । সেয়ে তেওঁলোকক খবৰ লোৱাটো দেখুৱাবলৈ ঘণ্টা ধৰি বহি থকাতকৈ নতুন মাতৃ আৰু কেঁচুৱাৰ সময়সূচীৰ সৈতে খাপ খুৱাওক (Know about caring tips of new born baby)।
  2. কেঁচুৱাটোক কোলাত লোৱাৰ আশা নকৰিব (Do not expect to hold the baby):
    নৱজাতকসকল স্পৰ্শ, গোন্ধ আৰু পোহৰৰ প্ৰতি সংবেদনশীল (Newborns are very sensitive)। তেওঁলোকক মাতৃৰ সৈতে তেওঁলোকৰ সুবিধা মতেই ৰখাৰ চেষ্টা কৰা হয় । ইয়াৰ উপৰিও, কেঁচুৱাটো চাবলৈ অহা কোনো লোকৰ পৰা সন্তানটো কোনো সংক্ৰমণৰ সন্মুখীন হ'ব বুলি সদায় নতুন পিতৃ-মাতৃ চিন্তিত হৈ থাকিব পাৰে ।
  3. আপোনাৰ নহয় তেওঁলোকৰ সুবিধাৰ কথা চিন্তা কৰক (Don't make it about you, it's about them):
    সাক্ষাতৰ সময়ত আপুনি আপোনাৰ অভিজ্ঞতা বা আপোনাৰ নৱজাতকৰ যত্নৰ বিষয়ে ক'ব নালাগে । পৰামৰ্শ দিয়া বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে, মনোযোগ দিয়ক আৰু নতুন পৰিয়ালৰ আৱেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ প্ৰতি সতৰ্ক হওক । কিছু সময়ত অতিবাহিত কৰি কেৱল নতুন মাতৃক আৱেগিক সান্ত্বনা দিবলৈ চেষ্টা কৰক । যিয়ে প্ৰসৱৰ পিছৰ অসুবিধাসমূহৰ পৰা মাতৃগৰাকীক কিছু সকাহ দিব পাৰিব ।
  4. এক সুন্দৰ আদৰণিৰ আশা কৰাৰ পৰিৱৰ্তে সহায়ৰ প্ৰস্তাৱ দিয়ক (Offer to assist instead of expecting a scrumptious welcome):
    এই সাক্ষাতৰ সময়ত নৱজাতকৰ পৰিয়ালটোৱে আপোনাৰ যত্ন ল'ব নোৱাৰিব পাৰে । ইয়াৰ পৰিৱৰ্তে, আপুনি আগবাঢ়ি যাওক আৰু যিকোনো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াওক । নিউক্লিয়াৰ ছেটআপৰ ক্ষেত্ৰত, আপুনি তেওঁলোকক কিছু খাদ্য/জলপান আনিব পাৰে নেকি সোধক, তেওঁলোকৰ বজাৰ কৰি দিবলৈ প্ৰস্তাৱ দিব পাৰে । তেওঁলোকৰ ডাঙৰ সন্তান বা পোহনীয়া জন্তুৰ বাবে কিছু সহায়ৰ প্ৰয়োজন আছে নেকি চাওক ! যদি আপুনি ইয়াৰে এটাও কৰিব নোৱাৰে, যদি আপুনি ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত সামান্য লেতেৰা অনুভৱ কৰে বা সাধাৰণ বিস্কুটেৰে একাপ চাহ আপোনাক দিয়ে, তেতিয়া বেয়া অনুভৱ নকৰিব !
  5. কেঁচুৱাৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব (Be mindful of basics around a baby):
    যদি আপুনি অসুস্থ হৈ আছে তেনেহ'লে সাক্ষাতৰ বাবে নাযাব, সাধাৰণ চৰ্দিকো অৱহেলা নকৰিব । কেঁচুৱাটোক বিৰক্ত কৰিব পৰা যিকোনো সুগন্ধি, আফটাৰশ্বেভ, অত্যাধিক সুগন্ধি যুক্ত শৰীৰৰ ক্ৰীম পৰিহাৰ কৰিব । যদি আপুনি কেঁচুৱাটো চুব বিচাৰে তেন্তে আপোনাৰ হাত ধুই ল'ব । চিঞৰি কথা নক'ব আৰু আপোনাৰ কথাৰ সুৰ কোমল কৰিব । কেঁচুৱাটোক কেতিয়াও চুমা নিদিবা । বীজাণু আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰা এইটো আটাইতকৈ সহজ উপায় । অভিভাৱকৰ অনুমতি অবিহনে কেতিয়াও কোনো ফটো নুতুলিব আৰু কেতিয়াও কোনো সামাজিক মাধ্যমত সেই ফটোবোৰ পোষ্ট নকৰিব ।

ABOUT THE AUTHOR

...view details