দিপাৱলী হৈছে পোহৰ, ৰং আৰু খাদ্যৰ উৎসৱ ৷ কিন্তু দিপাৱলী বুলিলেই মনলৈ আহে পোহৰৰে উদ্ভাসিত বেলকনি, চোতাল, বাগিছা আৰু চাদ আদিত সজাই ৰখা ধুনীয়া চাকিসমূহ ৷ কৰ'ণা ভাইৰাছৰ বাবে দিপাৱলী অনুষ্টুপীয়াকৈ পালন কৰা হ'ব সেয়েহে নিজৰ সৃষ্টিশীলতাৰ বহিঃপ্ৰকাশ কৰা আৰু টকা সঞ্চয় কৰাৰ শ্ৰেষ্ঠতম সময় হৈছে এই বৰ্ষৰ দিপাৱলী ৷ নিজ ঘৰখনক সজাই ৰখাৰ এনে কিছুমান ষ্টাইল আমি প্ৰদান কৰিছো ৷ এই ষ্টাইলসমূহ সহজ, ধুনীয়া আৰু পৰিয়ালৰ পৰা আপুনি আঁতৰি আছে যদিও আপোনাক ঘৰত ৰখাৰ দৰে অনুভৱ কৰাব ৷ কোনো লোকক আপুনি এইবোৰ দিপাৱলীৰ উপহাৰ হিচাপেও দিব পাৰে ৷
1. হুলা হুপ চান্দেলিয়েৰ
ইয়াৰ বাবে আপোনাক লাগিব এটা হুলা হুপ, চেল' টেপ, সূতা আৰু লাইট ৷ এই লাইট আপুনি বাৰান্দা অথবা বেলকনিত সজাব পাৰে ৷ হুপক সূতাৰে অথবা টেপৰ জৰিয়তে মেৰিয়াই ওলমাই দিব লাগে ৷ ঘৰত নিৰ্মিত এই চান্দেলিয়েৰে দিপাৱলীত আপোনাৰ ঘৰক সুন্দৰ কৰি ৰাখিব পাৰে ৷
2. জাৰ লাইটছ
চাকি সাজিবলৈ এয়া একেবাৰে সাধাৰণ উপায় ৷ জাৰৰ ভিতৰত লাইট ভৰাই ওলমাই ৰাখিব লাগে ৷ জাৰৰ বাহিৰত ফুল অথবা গ্লিটাৰেৰে সজাই ৰাখিলে আৰু ধুনীয়া হৈ পৰে ৷ শোৱা কোঠা অথবা চোফাৰ কাষৰ টেবুলত সজাই ৰাখিলে ই অধিক সৌন্দৰ্য বৰ্ধন কৰে ৷