স্বাস্থ্য পৰম ধন বুলি কথা এষাৰ আছে । দেহা থাকিলেহে বেহা বুলিও আন এষাৰ কথা আছে । কিন্তু আমি স্বাস্থ্যৰ প্ৰতি বাৰু কিমান সচেতন ? বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ কিছুমান বদ অভ্যাসৰ বাবে আমি আমাৰ স্বাস্থ্যৰ ওপৰত জানিয়েই হওক বা অজানিতে বহু অত্যাচাৰ কৰোঁ । কিন্তু যেতিয়া তাৰ বিপৰীত ফলাফল আমাৰ উপলব্ধি হয়, তেতিয়াহে যেন সম্বিত ঘূৰি আহে । লগে লগে লাগি যাওঁ স্বাস্থ্য অনুশীলনত । বৰ্তমান সময়ৰ আটাইতকৈ গুৰুতৰ স্বাস্থ্য সমস্যাটো হৈছে মেদ বহুলতা বা প্ৰয়োজনতকৈ অধিক ওজন বৃদ্ধি বা শৰীৰত চৰ্বিৰ মাত্ৰা বৃদ্ধি পোৱাটো ।
বহু পৰিশ্ৰম কৰাৰ পাছতো আপোনাৰ চৰ্বি হ্ৰাস যাত্ৰাত কোনো ফলাফল নেদেখি আপুনি ভাগৰি পৰিছে নেকি? কিন্তু মনত ৰাখিব, ওজন হ্ৰাস কৰাৰ যাত্ৰাটো এটা দীঘলীয়া প্ৰক্ৰিয়া (journey to losing weight a lengthy process) আৰু ইয়াৰ বাবে কঠোৰ সংকল্পৰ প্ৰয়োজন (requires strong determination) । অৱশ্যে এয়া কেৱল এক শক্তিশালী মানসিকতা আৰু অভিপ্ৰায় নহয় যিয়ে আপোনাক আপোনাৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব ।
এক কঠোৰ খাদ্য তালিকা অনুসৰণ কৰা, নিজকে খাদ্যৰ প্ৰলোভনৰ পৰা নিয়ন্ত্ৰণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে ব্যায়াম কৰা- এই সকলোবোৰ ইয়াৰ অংশ । কিন্তু তাৰ পিছতো আপুনি হয়তো আকাংক্ষিত ফলাফলবোৰ প্ৰত্যক্ষ নকৰিব পাৰে । তেতিয়া হয়তো আপুনি ভাবিব পাৰে কিয় ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই ? আৰু উত্তৰটো হৈছে ইয়াত আপোনাৰ এনে কিছুমান অতি সৰল ভুল আছে যিয়ে আপোনাৰ চৰ্বি হ্ৰাসৰ যাত্ৰা সম্পূৰ্ণৰূপে বিনষ্ট কৰিব পাৰে । আমাৰ অজ্ঞাতেই আমি এনে কিছু সৰল আৰু মূৰ্খৰ দৰে ভুল কৰাৰ প্ৰৱণতা ৰাখোঁ, যিয়ে আমাৰ ওজন হ্ৰাস কৰা যাত্ৰাক দীঘলীয়া আৰু ক্লান্তিকৰ কৰি তোলে (mistakes make weight loss journey long and tiring) । পুষ্টিবিদ নিকি সাগৰে (Nutritionist Nicky Sagar) এনে সৰল ভুলবোৰ ভাঙি দিছে যিয়ে আপোনাৰ চৰ্বি হ্ৰাসৰ যাত্ৰা বিনষ্ট কৰিব পাৰে :
অপৰ্যাপ্ত টোপনি (Inadequate sleep) : আমি সদায়ে উপেক্ষা কৰি অহা এটা কথা হৈছে পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো । কম টোপনি যোৱাটোৱে আমাৰ ওজন হ্ৰাস কৰা যাত্ৰাত গুৰুতৰ প্ৰভাৱ পেলায় (Sleeping less severe impacts on weight loss journey) । টোপনিৰ পৰা আপোনাৰ শৰীৰে প্ৰয়োজনীয় শক্তি লাভ কৰে আৰু ই আপোনাৰ কৰ্মশক্তি আৰু উৎপাদনশীলতাত সহায় কৰে । কিন্তু যেতিয়া আপোনাৰ টোপনি কমি যায় তেতিয়া আপোনাৰ শৰীৰৰ কাম কৰাৰ শক্তি নাথাকে । লগতে পৰ্যাপ্ত টোপনি নহাৰ ফলত অস্বাস্থ্যকৰ লঘু আহাৰ গ্ৰহণৰ প্ৰৱণতা বৃদ্ধি হয় । যাৰ ফলত আপোনাৰ শৰীৰত চৰ্বি জমা হয় । যদি আপুনি আপোনাৰ চৰ্বি হ্ৰাস কৰা যাত্ৰা ত্বৰান্বিত কৰিব বিচাৰে তেনেহ'লে 6-8 ঘণ্টা শোৱাটো সহায়ক (Sleeping for 6 to 8 hours helpful) ।