বিশ্ব ইতিহাসত কোনো এটা ঔষধৰ প্ৰভাৱ জুখিব পৰাটো কঠিন । কিন্তু ইয়াত পাঁচটা ড্ৰাগছৰ বিষয়ে আমি নিশ্চিতভাৱে ক'ব পাৰো যে, আমি কেতিয়াও আশা নকৰা ধৰণে আমাৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিছে (5 drugs that changed the world) । ইয়াৰ লগত কিছুমান অবিশ্বাস্য উপকাৰ আছে । কিন্তু ইয়াৰ কিছুমান ঋণাত্মক দিশো আছে যাৰ বিষয়ে জনাটো খুবেই জৰুৰী(What went wrong with them) । আহক জানো এই ৫ বিধ ড্ৰাগছৰ বিষয়ে-
১)এনাস্থেচিয়া(Anaesthesia): ১৭০০ চনৰ শেষৰ ফালে ইংৰাজ ৰসায়নবিদ জোচেফ প্ৰিষ্টলিয়ে phlogisticated nitrous air (nitrous oxide) নামৰ এবিধ গেছ প্ৰস্তুত কৰে । ইংৰাজ ৰসায়নবিদ হামফ্ৰে ডেভিয়ে ভাবিছিল যে, ইয়াক অস্ত্ৰোপচাৰত বিষ নিৰাময়কাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি, কিন্তু ইয়াৰ পৰিৱৰ্তে ই এক বিনোদনমূলক ঔষধত পৰিণত হৈছিল । ১৮৩৪ চনলৈকে আমি আন এটা মাইলৰ খুঁটিত উপনীত হৈছিলোঁ । তেতিয়াই ফৰাচী ৰসায়নবিদ জিন-বেপ্টিষ্ট ডুমাছে এটা নতুন গেছৰ ক্ল'ৰ'ফৰ্ম নামকৰণ কৰিছিল । স্কটিছ চিকিৎসক জেমছ ইয়ং চিম্পছনে ১৮৪৭ চনত প্ৰসৱৰ সময়ত সহায়ক হোৱাকৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল । পিছলৈ অস্ত্ৰোপচাৰৰ সময়ত এনাস্থেচিয়া অধিক ব্যৱহাৰ কৰা হৈছিল । এনাস্থেচিয়াৰ নোহোৱাৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰা ৰোগীসকলৰ বিষৰ ফলত প্ৰায়েই মৃত্যু হৈছিল । কিন্তু মানুহক অচেতন কৰি তুলিব পৰা যিকোনো ঔষধে ক্ষতিৰো সৃষ্টি কৰিব পাৰে বুলি চিকিৎসকে মত প্ৰকাশ কৰে । স্নায়ুতন্ত্ৰক দমন কৰাৰ আশংকা থকাৰ বাবে আধুনিক এনাস্থেটিক এতিয়াও বিপদজনক ।
লগতে পঢ়ক :জানক ছটা ভিন্ন সোৱাদ আৰু ইয়াৰ স্বাস্থ্যকৰ দিশ
২) পেনিচিলিন(Penicillin): ১৯২৮ চনত স্কটিছ চিকিৎসক আলেকজেণ্ডাৰ ফ্লেমিংৰ লগত যি ঘটিছিল সেয়া হৈছে আকস্মিকভাৱে ঔষধ আবিস্কাৰ কাহিনী । ফ্লেমিংয়ে ষ্ট্ৰেপ্ট'ক'কাছ নামৰ বেক্টেৰিয়াৰ কিছুমান নমুনা নিজৰ পৰীক্ষাগাৰৰ বেঞ্চত থৈ ছুটীলৈ যায় । তেওঁ উভতি আহোঁতে দেখিলে যে, বায়ুত থকা কিছুমান পেনিচিলিয়াম (এবিধ ভেঁকুৰৰ ৰোগ সৃষ্টিকাৰী জীৱাণু)(Fungal contaminant) ষ্ট্ৰেপ্ট'ককাছৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে । অষ্ট্ৰেলিয়াৰ পেথ'লজিষ্ট হাৱাৰ্ড ফ্ল'ৰী আৰু তেওঁৰ দলটোৱে পেনিচিলিনক স্থিতিশীল কৰি প্ৰথম মানৱ পৰীক্ষা চলাইছিল । আমেৰিকাৰ পুঁজিৰে পেনিচিলিন গণ উৎপাদন কৰা হয় আৰু দ্বিতীয় বিশ্বযুদ্ধৰ গতিপথ সলনি কৰা হয় । ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ শ্ৰমিকৰ চিকিৎসা কৰা হৈছিল ।