ডিফু ,২৮ছেপ্টেম্বৰ:কাৰ্বি নিমছ'চিংথুৰ আচং চমুকৈ কেএনচিএই (KNCA protest at Hamren) মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগনত ধৰ্ণা দিয়াৰ পিছত পাঁচ দফীয়া এখন স্মাৰকপত্ৰ উপায়ুক্ত কৃষ্ণ বৰুৱাক প্ৰদান কৰে ।
কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মূলতঃ খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি, সামাজিক সুৰক্ষা, স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰত থকা দুৰৱস্থাক লৈ এই ধৰ্ণা কাৰ্যসূচী আয়োজন কৰা হয় । উক্ত কাৰ্যসূচীৰ পিছত উপায়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰত জিলাখনৰ মহিলাসকলে জীৱন জীৱিকাৰ বাবে বন্ধন বেংককে ধৰি বিভিন্ন বিত্তীয় অনুষ্ঠানৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে প্ৰতিষ্ঠান সমূহৰ পৰা পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি আদি ব্লক কৰি দিয়াৰ ভাবুকি প্ৰদানৰ বিষয়ে উল্লেখ কৰে ।