অসম

assam

ETV Bharat / state

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ ! নংজিৰং গাঁওবাসীৰ চকুলো - no electricity

১৯৫২ চনতেই গঠন হৈছিল কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ । পিছে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ স্বৰ্থত গঠিত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে উন্নয়নৰ পৰিৱৰ্তে লুণ্ঠনহে চলাই আহিছে জিলাখনত । বিগত চৰকাৰসমূহে পাহাৰীয়া জিলাখনত চলায় অহা লুণ্ঠনৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিছে জিলাখনৰ গাওঁ সমূহৰ দূৰৱস্থাই ।

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ

By

Published : Apr 17, 2019, 6:24 AM IST

১৭ এপ্ৰিল, পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনৰ পৰা ৩৫ কি. মি. নিলগৰ অসম মেঘালয় সীমান্তত অৱস্থিত নংজিৰং নামৰ গাওঁখনে উদঙাইছে নিবোকা সাংসদ ৰূপে পৰিগণিত বীৰেনচিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাং অকমণ্যতা ।

আমাৰেং পৰিষদীয় সমষ্ঠিৰ অন্তৰ্গত গাওঁখনৰ জনসংখ্যা হাজাৰৰো অধিক, কিন্তু গাওঁখনত উন্নয়নৰ নামত বিৰাজ কৰিছে এক বৃহৎ শূন্যতাই । কোনো চৰকাৰৰ কোনো এখন নুন্যতম আঁচনিয়ে আজি লৈকে ঢুকি নাপালে গাওঁখনক । সকলো চৰকাৰী আচনিৰ পৰাই বঞ্চিত গাওঁবাসী । নাম শুনিছে যদিও আজিলৈকে গাওঁবাসীয়ে দেখা নাই সাংসদ বীৰেন ছিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি, মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাঙক ।

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ

আজিও এটুপি খুৱা পানীৰ বাবে গাওঁবাসী নিৰ্ভৰ কৰিব লাগে জুৰিৰ পানীৰ ওপৰত । বিদ্যুৎৰ খুটা আছে যদিও এইপৰ্যন্ত বিদ্যুৎ সংযোগ কৰা নাই কোনো এখন চৰকাৰে । গাওঁবাসীক চিকিৎসাৰ প্ৰয়োজন হ'লেই ৫০০০-৬০০০ টকা খৰছ কৰি যাব লগিয়া হয় হামৰেনৰ অথবা মেঘালয়লৈ । গাওঁখনৰ অধিকংশ শিশুৰ নাই জন্মৰ পঞ্জীয়ন পত্ৰ । শিক্ষাৰ নামত এখন চৰকাৰী বিদ্যালয় আছে যদিও শিক্ষকৰ অভাৱ হোৱাত এজন ব্যক্তিগত শিক্ষক গাওঁ বাসীয়ে নিযুক্তি দি পাঠদানৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে । প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবত শিক্ষকক ১০০ টকাকৈ বৰঙনি দিয়ে অভিভাৱক সকলে । এইপৰ্যন্ত লোকে লাভ কৰা নাই চৰকাৰী ঘৰ অথবা শৌচালয় । এতিয়া প্ৰশ্ন হৈছে

ৰাজনৈতিক দলৰ নেতাসকলে চিঞৰি থকা উন্নয়নৰ প্ৰকৃত ছবিখন কেতিয়াবা দেখিবলৈ পোৱা যাবনে এনেবোৰ ভিতৰুৱা গাঁৱত ।

ABOUT THE AUTHOR

...view details