পশ্চিম কাৰ্বি আংলং, 18 জুলাইঃঅসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ ইংহীন-লাংছ' নামৰ ঠাইত অবৈধ আৰু চোৰাংভাৱে ফালি ৰখা কাঠ জব্দ কৰে খেৰণি বন বিভাগে। কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে জব্দ হোৱা কাঠখিনি ফালিছিল ৷
পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা - Illegal wood latest news
উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত বিভাগটোৱে ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন ব্যক্তিকে কৰায়ত্ত কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটোৱে ৷
![পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা Karbi Anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8078711-643-8078711-1595078337014.jpg)
লগতে পঢ়কঃ নিষ্ঠাবান আৰক্ষী বিষয়া ৰঞ্জিত দাসৰ দেহাৱসান
উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত বিভাগটোৱে ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন ব্যক্তিকে কৰায়ত্ত কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটোৱে ৷ বিৱৰণী অনুসৰি বিভাগীয় লোক উক্ত স্থান পোৱাৰ পূৰ্বেই কাঠ চুৰ কেইজন পলায়ন কৰে । এনেদৰে আজিও চোৰাং কাঠৰ বেহা আৰু বন ধ্বংসৰ যজ্ঞ অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ এনেবোৰ অঞ্চলত।