অসম

assam

ETV Bharat / state

নতুন বিদ্ৰোহী সংগঠন ডি এন এল এৰ ৩৬ ঘন্টীয়া ডিমা হাছাও বন্ধৰ দাবী - DNLA

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৩৬ ঘন্টীয়া বন্ধৰ দাবী নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ডি এন এল এৰ

নতুন উগ্ৰপন্থী সংগঠন  ডি এন এল এৰ ৩৬ ঘন্টীয়া বন্ধৰ দাবী

By

Published : Apr 18, 2019, 2:08 AM IST

বোকাজান,১৭ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা ৩৬ ঘণ্টা বন্ধৰ দাবী নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ডি এন এল এৰ ।

নতুন উগ্ৰপন্থী সংগঠন ডি এন এল এৰ ৩৬ ঘন্টীয়া বন্ধৰ দাবী

"Dimasa National liberation Army "নামৰ সংগঠনটোৱে মূল উদ্দেশ্য প্ৰকাশ কৰা মতে, ডিমাছা সকলৰ ভেঁটি আৰু ভাষা আৰু ঐতিহাসিক অধিকাৰ সমূহ অক্ষুন্ন ৰাখিবৰ বাবে এই নিষিদ্ধ পথেৰে সংগ্ৰাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেঁওলোকে। লগতে জানিবলৈ দিছে যে, তেঁওলোকে সংশোধনী বিধেয়ক ২০১৬ ৰ পূৰ্ণ বিৰোধিতা আৰু বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমৰ ৰাইজৰ হৈ সশস্ত্ৰ সংগ্ৰাম কৰি যাব ।

উল্লেখযোগ্য যে, সংগঠন টোৰ অধ্যক্ষ ৰূপে

নাইচডাও ডিমাচা আৰু গৃহ বিভাগৰ দায়িত্বত খাৰমিনডাও ডিমাচা নেতৃত্বাধীন সংগঠনটোৱে লগতে কয় যে, ডিমাছা সকলক সকলোৰে আগত প্ৰতিষ্ঠা তথা ডিমাছা ৰাজ শাসন পুনৰ ঘূৰাই অনাৰ হকে এই সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি ল'বলৈ বাধ্য হৈছে তেঁওলোক ।

ABOUT THE AUTHOR

...view details