অসম

assam

By

Published : Apr 1, 2023, 8:19 PM IST

ETV Bharat / state

West Karbi Anglong ndian Youth Congress: জেলৰ ভয় দেখুৱাই স্তব্ধ কৰিব নোৱাৰে কংগ্ৰেছৰ কণ্ঠ

চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ । ভাৰতীয় যুৱ কংগ্ৰেছৰ পশ্চিম কাৰ্বি-আংলং জিলা সভাপতিয়ে চৰকাৰৰ বিৰুদ্ধে মন্তব্য় কৰি কয় যে চৰকাৰে আইন-আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ ধৰিছে (West Karbi Anglong youth Congress)।

Press conference of Congress at Half Long
ভাৰতীয় যুৱ কংগ্ৰেছৰ পশ্চিম কাৰ্বি-আংলং জিলা কমিটী

ভাৰতীয় যুৱ কংগ্ৰেছৰ পশ্চিম কাৰ্বি-আংলং জিলা কমিটী

হাফলং, ১ এপ্ৰিল: 'দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গণতন্ত্ৰ গভীৰ সংকটত । পদদলিত হৈছে দেশৰ সংবিধান ।' এই মন্তব্য় ভাৰতীয় যুৱ কংগ্ৰেছৰ পশ্চিম কাৰ্বি-আংলং জিলা সভাপতি আগুষ্টাইন ইংহিৰ (Press conference of Congress at Half Long) । শুক্ৰবাৰে হাফলং ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত এখন সংবাদমেল সম্বোধন কৰি আগুষ্টাইন ইংহিয়ে এইদৰে মন্তব্য় কৰি কয়, "দেশৰ সংবিধানৰ প্রতি বিজেপি চৰকাৰখনৰ চূড়ান্ত অশ্ৰদ্ধা । চৰকাৰে আইন-আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে (APCC)।"

ইডি, চিবিআই, আয়কৰ বিভাগ আদি স্বতন্ত্ৰ সংস্থাসমূহক বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কামত ব্যৱহাৰ কৰা বুলি মন্তব্য় কৰি তেওঁ পুনৰ কয় যে এই বিষয়টোত আজি দেশবাসীৰ সন্মুখত স্পষ্ট হৈ পৰিছে । এই অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে যুৱ কংগ্ৰেছৰ নেতা আগুষ্টাইন ইংহি (West Karbi Anglong president of Youth Congress )।

এই সংবাদমেলত আগুষ্টাইন ইংহিয়ে কয় যে সংসদত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰশ্ন কৰাত প্ৰধানমন্ত্ৰীক সুৰক্ষা দিবলৈ এখন নাটক ৰচনা কৰা হ'ল । ৰাহুল গান্ধীৰ স্পষ্ট প্ৰশ্ন আছিল আদানীৰ কোম্পানীলৈ 20 হাজাৰ কোটি টকা ক'ৰ পৰা আহিল । কোনে বিনিয়োগ কৰিলে এই বিপুল পৰিমাণৰ ধনৰাশি । জানিব বিচাৰিছিল মোডীৰ লগত আদানীৰ সম্পৰ্ক কি । সম্পূৰ্ণ তথ্য সহকাৰে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত এই প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল ৰাহুল গান্ধীয়ে । যুটীয়া সংসদীয় কমিটী গঠন কৰি আদানী-মোডীৰ সম্পৰ্কৰ তদন্ত ঘোষণা কৰিব লাগে বুলিও তেওঁ মন্তব্য় কৰে ।

এই সংবাদমেল আগুষ্টাইন ইংহিয়ে পুনৰ কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্ট কৈ কৈছে যে তেওঁৰ সাংসদ পদ খৰিজ হোৱা বা তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকিলৈ ভয় নকৰে । তেওঁ সত্যৰ পক্ষত যুঁজ দিছে । দেশবাসীৰ বাবে অপোচবিহীনভাৱে সংগ্ৰামৰ পথত ভৰি দিছে আৰু সেয়া চলাই যাব বুলি মন্তব্য কৰি যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছে ৰাহুল গান্ধীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰ আগবঢ়াই যাব ।

যুৱ কংগ্ৰেছৰ নেতা আগুষ্টাইন ইংহিয়ে পুনৰ কয় যে গণতন্ত্ৰক পদদলিত কৰি একনায়কত্ববাদী শাসন চলোৱা বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সংকল্পবদ্ধ হৈছে কংগ্ৰেছ দল । এই সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নিৰ্মল লাংথাচা, ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি মায়ানন কেম্প্ৰাই লালথাংচাংগা মাৰ আদি ।

লগতে পঢ়ক:Controversial comment of Satradhikar: ভুল স্বীকাৰ মেৰবিলৰ বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details