অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কে পি এল টিৰ উপাধ্যক্ষ - Militancy in Assam

কাৰ্বি আংলং জিলাত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক ক্ৰমে গৌৰৱ কুমাৰ উপাধ্যায় আৰু ইন্দ্ৰনীল বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফ যুটীয়া অভিযানৰ সময়তে গ্ৰেপ্তাৰ কৰে কেপিএলটিৰ স্বয়ম্ভূ উপাধ্যক্ষ জিঅ' তুংজাং ওৰফে মেনচিং টকবীক ৷

উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান অসম আৰক্ষীৰ

By

Published : May 21, 2019, 11:35 PM IST

কাৰ্বি আংলং, 21 মেঃ সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ দিনটোতে অসম আৰক্ষীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লাভ কৰিছে বিশেষ সফলতা ৷ কাৰ্বি আংলং জিলাত সক্ৰিয় হৈ থকা কেপিএলটি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এই সফলতা ৷ চি আৰ পি এফৰ সৈতে চলোৱা যুটীয়া অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে সংগঠনটোৰ স্বয়ম্ভূ উপাধ্যক্ষ জিঅ' তুংজাং ওৰফে মেনচিং টকবীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে উপাধ্যক্ষগৰাকীৰ পৰা এটা ৭'৬৫ পিষ্টল, এটা মেগজিনসহ ৫ জাঁই সজীব গুলী আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান অসম আৰক্ষীৰ

উল্লেখ্য যে এসপ্তাহ পূৰ্বে বকলিয়াঘাট থানাৰ অন্তৰ্গত ডিচ'বাইৰ পৰা শিলচৰৰ উদৰবন্দৰ আবিল হুছেইন লষ্কৰ নামৰ এজন জেচিবি চালকক অপহৰণ কৰিছিল সংগঠনটোৱে ৷ উক্ত অপহৰণ কাণ্ডৰ তদন্ত চলাই আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ উপাধ্যক্ষক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ডকমকা থানাৰ নিলগত অভিযানকাৰী দলটোৰ সৈতে লগা সংঘৰ্ষত এগৰাকী কেডাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত উগ্ৰপন্থী সদস্যজনৰ হাতত গুলী লগা বুলি আৰক্ষীয়ে সদৰী কৰাৰ লগতে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ৷ সংঘৰ্ষস্থলীৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন আৰু তিনিজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা জিঅ' তুংজাং ওৰফে মেনচিং টকবীয়ে সদৰী কৰা অনুসৰি, পাহাৰীয়া জিলাখনত ব্যাপক হাৰে সদস্য ভৰ্তিৰ লগতে সদস্যৰ প্ৰশিক্ষণো দি আহিছে ৷ সংগঠনটোৰ হাতত দুটাকৈ AK ছিৰিজৰ ৰাইফল থকাৰ লগতে ৯ টা পিষ্টল আছে বুলি সদৰী কৰিছে মেনচিং টকবীয়ে ৷

ABOUT THE AUTHOR

...view details