অসম

assam

ETV Bharat / state

ওদালগুৰিত কেনেকৈ গীত গালে জুবিনে?

গুৱাহাটীত যদি শুই গান গালে, পাঠশালাত আকৌ মুষলধাৰ বৰষুণত তিতি গাই গ'ল এটাৰ পাছত আনটো জনপ্ৰিয় গীত । কিন্তু এইবাৰ ওদালগুৰিত কোলাত এটি শিশুক লৈ গীত গালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷

জুবিন গাৰ্গ

By

Published : May 12, 2019, 1:58 PM IST


ওদালগুৰি, 12 মেঃজুবিন গাৰ্গ মানেই যেন ব্যতিক্ৰম । এইবাৰ অসমৰ প্ৰতিখন বিহু মঞ্চতে দেখা গ'ল জুবিনৰ ব্যতিক্ৰমী ৰূপ । গুৱাহাটীত যদি শুই গান গালে, পাঠশালাত আকৌ মুষলধাৰ বৰষুণত তিতি গাই গ'ল এটাৰ পাছত আনটো জনপ্ৰিয় গীত । কিন্তু এইবাৰ ওদালগুৰিত কোলাত এটি শিশুক লৈ গীত গালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷

ওদালগুৰিত জুবিন

ওদালগুৰিৰ পুষ্প নগৰ যুৱসমাজৰ উদ্যোগত স্থানীয় গোলমাগাঁও হাইস্কুল প্ৰাংগনত আয়োজন কৰা তৃতীয় বাৰ্ষিক ব'হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত এইদৰে সংগীত পৰিৱেশন কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ প্ৰথমে মঞ্চৰ একাষত নিজৰ জোতা খুলি থৈ দৰ্শকৰ মাজৰ পৰা এটি শিশুক কোলাত তুলি লৈ সংগীত পৰিৱেশন কৰিবলৈ লয় জুবিন গাৰ্গে ৷ শিল্পীগৰাকীৰ মতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মুষলধাৰ বৰষুণৰ মাজতে তেওঁ সংগীত পৰিৱেশন কৰি আছে ৷ ইয়াৰ বাবে শিল্পীগৰাকীৰ জোতাকেইযোৰ হেনো তিতি আছে ৷ সেয়েহে মঞ্চৰ কাষত জোতা খুলি থৈ এইদৰে সুৰৰ মায়াজাল ৰচে জুবিনে ৷

ABOUT THE AUTHOR

...view details