দৰং, 8 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁৱত এগৰাকী শিক্ষয়িত্ৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ চাঞ্চল্য নৌযাওঁতেই আন এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । ঘটনা অনুসৰি কলাইগাঁৱৰ বেলতলা নিবাসী প্ৰয়াত শিক্ষক অনন্ত নাথৰ একমাত্ৰ সন্তান তন্ময় জ্যোতি নাথ নামৰ মেধাৱী ছাত্ৰজনে বাচি ল'লে আত্মহত্যাৰ পথ ৷ অভিযোগ অনুসৰি নাওকাটাৰ এগৰাকী যুৱতীৰ সতে বিগত তিনিবছৰে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ ।
তন্ময় জ্যোতি আছিল গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনʼলজিৰ বি ফাৰ্মৰ ছাত্ৰ আৰু প্ৰেমিকা বি এছ চি নাৰ্চিংৰ ছাত্ৰী ৷ প্ৰেমিকাৰ ভাষ্য অনুসৰি দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পিচতো বিগত দুদিন ধৰি দুয়োৰে মাজত কাজিয়া হৈ আছিল ৷ বুধবাৰে শেষ বাৰৰ বাবে প্ৰেমিকাক মোবাইল যোগে ফোন কৰি মোবাইল বন্ধ কৰি দিয়ে তন্ময়ে ।