অসম

assam

ETV Bharat / state

লোমহৰ্ষক ! পাকঘৰত পুতিলে মাতৃৰ মৃতদেহ - লোমহৰ্ষক

বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত লোমহৰ্ষক হত্যাকাণ্ড ৷ প্ৰদীপ গৌড় আৰু জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰত পুতি থলে ৰুনা গৌড় নামৰ মহিলাগৰাকীক । চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক । হত্যাকাৰী দুজনক ৰঙাঘৰলৈ প্ৰেৰণ ৷

পুত্ৰ-বোৱাৰীৰ হাতত প্ৰান গ’ল মহিলাৰ

By

Published : Jul 8, 2019, 11:39 PM IST

ওদালগুৰি, 8 জুলাই : ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত লোমহৰ্ষক হত্যাকাণ্ড । পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰত পুতি থলে ৰুনা গৌড় নামৰ মহিলাগৰাকীক । জানিব পৰা মতে দেওবাৰে সন্ধিয়া মৃত মহিলাগৰাকীৰ পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে পাকঘৰত এটা গাত খান্দি থকা প্ৰত্যক্ষ কৰে এজন আত্মীয়ই । ইয়াৰ পাচৰে পৰা ৰুনা গৌড়ক ঘৰত দেখা নোপোৱাত মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ কৰি মাজবাট থানাত মহিলা গৰাকীক হত্যা কৰা বুলি এজাহাৰ দাখিল কৰে মহিলা গৰাকীৰ দেওৰ চৰন গৌড়ে । এজাহাৰ লাভ কৰাৰ পিছত মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ আৰু বোৱাৰীক মহিলা গৰাকীৰ বিষয়ে সোধ পোছ কৰাত ওলাই পৰে প্ৰকৃত কাহিনী । পিছত মাজবাট আৰক্ষীয়ে মাজবাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত হত্যাকাৰী দুজনৰ হাতেৰেই গাতটো খন্দুৱাই মাতৃ ৰুনা গৌড়ৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে মদ্যপান কৰি হোৱা কাজিয়াৰ বাবেই চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক । বৰ্তমান হত্যাকাৰী দুজনকে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

পুত্ৰ-বোৱাৰীৰ হাতত প্ৰান গ’ল মহিলাৰ

ABOUT THE AUTHOR

...view details