অসম

assam

ETV Bharat / state

ওদালগুৰিত বোৱাৰীৰ মৃত্যু : আৰক্ষী আৰু সংগঠনৰ সন্দেহজনক স্থিতি ! - Assam Police

ঘটনা সন্দৰ্ভত কলাইগাঁও আৰক্ষীৰ ভূমিকাকলৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ববিতাৰ পৰিয়ালক বুজাবুজি কৰিলৈও কয় বুলি পৰিয়ালে অভিযোগ কৰে। এটা ছাত্ৰ সংগঠনেও ববিতাৰ পৰিয়ালক বুজাবুজি কৰাৰ হেঁচা দিয়া বুলি ববিতাৰ পৰিয়ালক লোকে অভিযোগ কৰে। এই সমগ্ৰ ঘটনাৰ বাবে ববিতাৰ পৰিয়ালে আত্মহত্যাৰ ঘটনাক অধিক সন্দেহৰ কৰিছে।

ETV

By

Published : Jun 29, 2019, 6:58 PM IST

ওদালগুৰি,29 জুন : ওদালগুৰিৰ কলাইগাঁৱত বোৱাৰীৰ সন্দেহজনক আত্মহত্যা । সৎকাৰৰ সময়তে শ্মশানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে আৰক্ষীয়ে । মৃত ববিতা গোৱালা মহিলা গৰাকীক স্বামী টুটুমনি গোৱালাই হত্যা কৰাৰ অভিযোগ কৰিছে ববিতাৰ পৰিয়ালৰ লোকে৷ মহিলাগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট বুলিও পৰিয়ালৰ লোকে উত্থাপন কৰিছে অভিযোগ।

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত চেঙাপাৰাত সংঘটিত এক সন্দেহজনক আত্মহত্যাকলৈ এতিয়া ওদালগুৰিত চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে এটি সন্তানৰ মাতৃ ববিতা গোৱালাই বৃহস্পতিবাৰে আবেলি 3 মান বজাত স্বামী টুটুমনি গোৱালাৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰে। কিন্তু ঘটনাৰ বিষয়ে স্বামীৰ পৰিয়ালে অৱগত নকৰিলে ববিতাৰ মাতৃ গৃহত। ববিতাৰ পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে আনৰ পৰা গম পাই আৰক্ষীক মৌখিকভাবে অৱগত কৰাৰ লগতে স্বামীৰ পৰিয়ালক মৃতদেহটো চিপ লগাই থোৱা অৱস্থাৰ পৰা নমাই অনাত বাধা দিয়ে। লগতে ববিতাৰ পৰিয়ালৰ লোকে স্বামী টুটুমণি গোৱালাই ববিতাক হত্যা কৰাৰো অভিযোগ তুলে।

ওডালগুৰিত বোৱাৰীৰ মৃত্যু

কিন্তু শুকুৰবাৰে ববিতাৰ স্বামীৰ পৰিয়ালৰ লোকে আৰক্ষী উপস্থিত নোহোৱাকৈ নমাই আনে ববিতাৰ মৃতদেহ। এয়াই নহয় মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈও শ্মাশানলৈ লৈ যায় স্বামীৰ পৰিয়ালে। ইয়াৰ পাচতে কলাইগাঁও আৰক্ষীয়ে শ্মশানৰ পৰাই উদ্ধাৰ কৰে ববিতাৰ মৃতদেহ। আনহাতে শনিবাৰে ববিতা গোৱালাৰ মৃতদেহ ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও উন্নত ফৰেনচিকৰ পৰীক্ষাৰ বাবে মৃতদেহটো তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ তৎপৰতাৰ অভাৱত 2 বজালৈ তেজপুৰলৈ প্ৰেৰণ কৰা নহ'ল ববিতাৰ মৃতদেহ। তাৰ বিপৰীতে কলাইগাঁও আৰক্ষী থানালৈ উভতাই নি দেওবাৰে পুনৰ তেজপুৰলৈ নিয়াৰ কথা জনাই আৰক্ষীয়ে। কিন্ত ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত মৃতদেহটো তেজপুৰলৈ প্ৰেৰণ কৰে যদিও আজিও ববিতাৰ মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন নহয় বুলি জানিব পৰা গৈছে। ইপিনে মৃত্যু তিনিদিন হোৱাৰ পাচত লাহে লাহে নষ্ট হ'বলৈ ধৰিছে ববিতাৰ মৃতদেহটো। কিন্তু এইবোৰকলৈ যেন চিন্তা নাই আৰক্ষীৰ । ফলত সম্পন্ন কৰিব পৰা নাই মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা। এই সমগ্ৰ ঘটনাকলৈ কলাইগাঁও আৰক্ষীৰ ভূমিকাকলৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ববিতাৰ পৰিয়ালক বুজাবুজি কৰি লবলৈও কয় বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে। এটা ছাত্ৰ সংগঠনেও ববিতাৰ পৰিয়ালক বুজাবুজি কৰাৰ হেঁচা দিয়া বুলি ববিতাৰ পৰিয়ালক লোকে অভিযোগ কৰে। এই সমগ্ৰ ঘটনাৰ বাবে ববিতাৰ পৰিয়ালে আত্মহত্যাৰ ঘটনাক অধিক সন্দেহৰ কৰিছে। স্বামীয়ে ববিতাক হত্যা কৰা বুলি পৰিয়ালে সন্দেহ কৰাৰ লগতে যৌতুকৰ বাবে ববিতাক স্বামীয়ে কাজিয়াত লিপ্ত হৈ বুলি অভিযোগ কৰে। আনহাতে ববিতাৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট ৰূপত আছে বুলিও পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

For All Latest Updates

ABOUT THE AUTHOR

...view details