ওদালগুৰি,30অক্টোবৰ:হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা ওদালগুৰি জিলাত পুনৰ ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল'লে এটা বন্যহস্তীয়ে । বুধবাৰে পুৱা ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্তৰ ৩ নং ভূটীয়াচাঙত বন্যহস্তীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । জানিব পৰা মতে মঙলবাৰে নিশা ৭০-৮০ টা হাতীৰ বৃহৎ জাক এটাই গাঁও খনত প্ৰৱেশ কৰি খেতি পথাৰৰ তহিলং কৰিছিল । ৰাইজে বুধবাৰে পুৱা উক্ত খেতিপথাৰৰ কাষতে থকা পথত হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে । পাচত এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগ ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।
ওদালগুৰিত পুনৰ বন্যহস্তীৰ মৃত্যু - ওদালগুৰিৰ ভূটীয়াচাঙত বন্যহস্তীৰ মৃত্যু
খেতিপথাৰৰ কাষতে থকা পথত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷ দুষ্কৃতিকাৰীয়ে কাটিলে হাতীৰ শুৰ আৰু নেগুৰৰ অংশ ৷

wild elephant death in udalguri again
হাতীটোৰ মৃত্যৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও খেতি পথাৰৰ চাৰিওপিনে কোনো লোকে তাঁৰেৰে বিদ্যুৎ সংযোগ কৰাৰ ফলত সেই তাঁৰত লাগি হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । আনহাতে কোনো লোকে মৃত হাতীটোৰ শুৰৰ আগৰ কিছু অংশ আৰু নেগুৰৰ চুলি কাটি নিয়াকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰকৃতিপ্ৰেমীৰ মাজত । উল্লেখ্য যে, চলিত বৰ্ষতে ওদালগুৰি জিলাত ৬ টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে হাতীৰ আক্ৰমণত মৃত্যু হৈছে ১৮জনকৈ লোকৰ ।
ওদালগুৰিত পুনৰ উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ
লগতে পঢ়ক -কাৰ্বি-আংলঙৰ খেৰণি আৰু গোৱালপাৰাৰ মাটিয়াত বনৰীয়া হাতীৰ তাণ্ডৱ