ওদালগুৰি,27 মেঃ ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ । মৃত লোকজন ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰজাগড়ৰ ধৰমজুলিৰ জন ফুকন দাস । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে পুৱা ৪ মান বজাত ধৰমজুলি গাঁৱত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি উপদ্ৰৱ চলায় । হাতীটো দেখি একাংশ লোকে গাঁৱখনৰ পৰা হাতীটো খেদি পঠিয়াব চেষ্টা কৰে ।
সেই সময়তে নিজৰ ঘৰৰ পদুলিত থকা ফুকন দাস নামৰ লোক জনৰ লগত হাতীটোৰ মূখা-মূখি হোৱাত হাতীটোৱে দাসক আক্ৰমণৰ বাবে চোচা লয় । হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেখেতে পলায়ন কৰে যদিও হাতীটোৱে গছকি হত্যা কৰে লোকজনক । ইয়াৰ পিছতে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হয় লোকজনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।