ওদালগুৰি, দেৰগাঁও, 26 নৱেম্বৰঃওৰাং আৰু দেৰগাঁৱত মঙলবাৰে পুৱাই সংঘটিত হয় দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড । ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত নিচলামাৰী গাঁৱত পত্নীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে স্বামীক ৷ পুৱতি নিশা প্ৰায় চাৰি মান বজাত শুই থকা অৱস্থাতে দেৱেন মুণ্ডা নাম লোকজনক দা আৰু কোৰেৰে ডিঙিত আঘাত কৰে পত্নী ফুল মুণ্ডাই ৷ পত্নীৰ নৃশংস আক্ৰমণত গুৰুতৰভাৱে আহত দেৱেন মুণ্ডাক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আদবাটতে মৃত্যুক সাৱটি লয় লোকজনে ৷
ওৰাঙত পত্নীয়ে হত্যা কৰিলে স্বামীক, দেৰগাঁৱত মৰিয়াই মৰিয়াই হত্যা এজনক - ওৰাঙত স্বামীক নৃশংসভাৱে হত্যা
পুৱতি নিশা ওৰাঙত স্বামীক নৃশংসভাৱে হত্যা কৰিলে এগৰাকী মহিলাই ৷ শোৱাপাটীতে স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলাগৰাকীয়ে ৷ দেৰগাঁৱত লাঠিৰে কোবাই হত্যা আন এজনক ৷ ৰাইজৰ মতে হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক ৷
জানিব পৰা মতে মানসিকভাৱে অস্থিৰ ফুল মুণ্ডাই এবছৰ পূৰ্বে নিজ পুত্ৰকো হত্যা কৰাৰ চেষ্টা চলাইছিল ৷ ইতিমধ্যে আৰক্ষীৰ আগত হত্যাৰ দোষ স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক ৷
আনহাতে, দেৰগাঁৱৰ বাদুলিপাৰাতো সংঘটিত হয় আন এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ এজন লোকে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে আন এজন লোকক ৷ মৃতলোকজনৰ নাম কালাচন দুচাদ ৷ অত্যাধিক মদ্যপানৰ ফলত হত্যাকাৰী বীৰেণ ভূঞা আৰু কালাচনৰ মাজত সৃষ্টি হৈছিল কাজিয়া ৷ কাজিয়াৰ পৰিণততেই এইদৰে মৃত্যুক সাৱটিব ল'ব লগা হয় লোকজনে ৷ অৱশ্যে স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মহিলাৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই সংঘটিত হ'ল এই হত্যাকাণ্ড ৷