ৰৌতা, 5 জুন:‘‘বিপিএফৰ 17 বছৰীয়া সূতা-কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে ইউ পি পি এল নেতৃত্বাধীন বিটিচি চৰকাৰে । অশান্ত পৰিবেশৰ পৰা আহি আজি শিক্ষাৰ দিশত উজলি উঠিছে বিটিচি অঞ্চল । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি অসমৰ ভিতৰতে উত্তীৰ্ণৰ হাৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিটিচিৰ অধীনৰ জিলাই ।’’ এই দাবী বিটিচি প্ৰধান প্ৰমোদ বড়োৰ (Educational renaissance in BTR) ৷
সোমবাৰে কেইবাটাও অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ কয়, ‘‘আগন্তুক বোৰ্ড পৰীক্ষা সমূহত শীৰ্ষ দহত স্থান পাবলৈ সক্ষম হ’ব বিটিচিৰ চাৰিখন জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে । বিটিচিত জ্ঞান চৰাং আঁচনিৰ জৰিয়তে বছৰি 9200 দুখীয়া ছাত্ৰ-ছাত্ৰীক জলপানি দি আহিছে চৰকাৰে । আগন্তুক দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক এই জলপানি দিয়াৰ পৰিকল্পনা আছে বিটিআৰ চৰকাৰৰ ।’’ (Educational Schemes in BTR)
তেওঁ আৰু কয় যে, অনচাই বিথাংকি আঁচনিৰ জৰিয়তে দুখীয়া মহিলা সকলক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে ইউ পি পি এল চৰকাৰে । সোমবাৰে পুৱা 10 বজাত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত গছপুলি ৰোপনেৰে কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে ৷ সমান্তৰালকৈ মাজবাট মহাবিদ্যালয়, বড়োবজাৰ, নলবাৰী আদিতো বহু কেইখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণ কৰে বিটিচি প্ৰধানগৰাকীয়ে (Pramod Boro on BRT development) ৷