ওদালগুৰি, 28 অক্টোবৰঃ তিহাৰ উৎসৱক লৈ সম্প্ৰতি উখল মাখল হৈ আছে ওদালগুৰি ৷ দুৰ্গা পূজাৰ ঠিক ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাঁচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱ ৷ গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱটিকলৈ এতিয়া উখল মাখল গোৰ্খা অধ্যুষিত অঞ্চল সমূহ ৷ আজি তিহাৰ উৎসৱৰ চতুৰ্থ দিন ৷ এই দিনটোত গোৱৰ্ধন পূজাৰ আয়োজন কৰে গোৰ্খা সকলে ৷ আজিৰ এই দিনটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতিৰ কৰ্মী সকলে ঘৰে ঘৰে গৈ দেওচি নৃত্য কৰি পৰিয়ালৰ অপায় অমংগল দূৰ হ'বৰ বাবে কামনা কৰে ৷
তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি
দুৰ্গা পূজাৰ ঠিক ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাঁচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱ ৷ গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱটিকলৈ এতিয়া উখল মাখল গোৰ্খা অধ্যুষিত অঞ্চল সমূহ ৷ তিহাৰ উৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালিলৈ ভাই টিকা পৰ্ব অনুষ্ঠিত কৰা হ'ব ৷ এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে ।
তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি
আনহাতে আজিৰ দিনটোত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে পৰম্পৰাগত ভাৱে বলধ গৰুক পূজা অৰ্চনা কৰাৰ লগতে প্ৰিয় খাদ্য যোগান ধৰে ৷ তিহাৰ উৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালিলৈ ভাই টিকা পৰ্ব অনুষ্ঠিত কৰা হ'ব ৷ এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে । কিন্তু গোৰ্খা সকলৰ এই পবিত্ৰ দিনটোত বন্ধ ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে । সেয়েহে এই দিনটোত সমগ্ৰ ৰাজ্যতে চৰকাৰী বন্ধৰ ঘোষণাৰ কৰিবলৈ দাবী জনাই গোৰ্খা ছাত্ৰ সন্থাই ৷