ওদালগুৰি, 26 ছেপ্টেম্বৰঃ বুধবাৰে ওদালগুৰি জিলাৰ কোপাটিত ওৰাং আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এক অভিযান চলাই এজন অপহৃত যুৱকক উদ্ধাৰ কৰে ৷ অপহৃত যুৱকজন গোলাঘাটৰ মেৰাপানীৰ মাইনা গগৈ বুলি জানিব পৰা গৈছে ৷ অপহৃত যুৱক জনে জনোৱা মতে তেওঁক তিনি দিন পূৰ্বে কলিয়াবৰৰ পৰা অপহৰণ কৰি আনি অপহৰণকাৰী দলটোৱে তেওঁৰ পৰিয়ালৰ পৰা 20 লাখ টকা দাবী কৰিছিল ৷ আৰক্ষীয়ে অপহৰণকাৰী দলটোৰ পৰা মোস্তাফা আহমেদ নামৰ এজন যুৱকক কৰায়ত্ব কৰে যদিও আন দুজন যুৱকে পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰু আৰক্ষীয়ে মাইনা গগৈৰ অপহৰণৰ লগত জড়িত মোস্তাফা আহমেদক আটক কৰাৰ পাচতেই ঘটনাই লৈছে নতুন মোৰ ৷
ওৰাং আৰক্ষীৰ সফলতাঃ কেঁচু খান্দুতে ওলাল সাপ - ওৰাং আৰক্ষীৰ সফলতাঃ কেচু খান্দুতে ওলাল সাপ
ওৰাং আৰক্ষীয়ে ওদালগুৰি জিলাৰ পৰা এজন অপহৃত যুৱকক উদ্ধাৰ কৰিছিল ৷ আৰু এই অপহৰণৰ ঘটনাই পাচত ল'লে নতুন মোৰ ৷
আচলতে মাইনা গগৈৰ ভাষ্য অনুসৰি গগৈয়ে তেওঁৰ আত্মীয়ৰ সৈতে মোস্তাফা আহমেদৰ ওচৰলৈ কেঁকো সাপ কিনিবলৈ আহিছিল ৷ আৰু মোস্তাফা নামৰ লোক জনে গগৈক কেঁকো সাপ ডাল যোগান ধৰাৰ কথা আছিল ৷ তেনে সময়তে গগৈয়ে কেঁকো সাপডাল চুই দিয়াত সাপ ডালৰ মৃত্যু হয় ৷ আৰু ইয়াৰ পাচতে মোস্তাফাই গগৈৰ পৰা কেঁকো সাপ ডালৰ বাবত 20 লাখ টকাৰ মূল্য দাবী কৰিছিল ৷ কিন্তু গগৈয়ে সাপ ডালৰ মূল্য দিবলৈ অপাৰগ হোৱাত মোস্তাফাই বিগত 3 দিন ধৰি গগৈক বান্ধি ৰাখিছিল বুলি মাইনা গগৈয়ে জানিবলৈ দিয়ে ৷ আনহাতে মোস্তাফাৰ ভাষ্য অনুসৰি বন বিভাগে কেঁকো সাপৰ লগত জড়িত লোকসকলক জালত পেলাবলৈ ফিৰোজ নামৰ এজন লোকক নিয়োগ কৰিছিল ৷ আৰু ফিৰোজে তেওঁৰ এই কামত সহায়ক হ'বলৈ মোস্তাফাক নিয়োগ কৰিছিল ৷ কেৱল ইমানেই নহয় কেঁকো সাপ সৰবৰাহকাৰীক জালত পেলাবলৈ বন বিভাগে খোদ কেঁকো সাপ যোগান ধৰে বুলি মোস্তাফাই জানিবলৈ দিয়ে৷
অৱশ্যে আৰক্ষীক ভুল পথে পৰিচালনা কৰি নিজক ৰক্ষা কৰিবলৈহৈ যুৱক দুজনে কেতবোৰ ৰহস্যজনক কথা ক'বলৈ ধৰিছে বুলি সন্দেহ কৰা হৈছে ৷ সম্প্ৰতি ওৰাং আৰক্ষীয়ে এই ৰহস্যজনক ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই সমগ্ৰ ঘটনাই ওদালগুৰি জিলাখনত কৌতূহলৰ সৃষ্টি কৰিছে ৷ কিন্তু আৰক্ষীৰ তদন্তৰ শেষতহে ঘটনাৰ প্ৰকৃত সত্যতা জানিব পৰা যাব ৷