অসম

assam

By

Published : Nov 21, 2019, 9:48 PM IST

ETV Bharat / state

ওদালগুৰিত পুনৰ পথ দুৰ্ঘটনা : দুদিনত 11জন লোক নিহত

ওদালগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে ঘাইপথটোত তিনিটা পথ দুৰ্ঘটনা হোৱাৰ বিপৰীতে বুধবাৰে সংঘটিত হৈছিল চাৰিটাকৈ পথ দুৰ্ঘটনা ৷

ওদালগুৰিত পুনৰ পথ দুৰ্ঘটনা : দুদিনত 11জন লোক নিহত

ওদালগুৰি, 21 নৱেম্বৰ : অভিশপ্ত হৈ পৰিছে ওদালগুৰি জিলা মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । বৃহস্পতিবাৰে পুনৰ ৩ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হ'ল ঘাইপথটোত । তিনিটা সুকীয়া পথ দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় ২ জনলোক । ৰৌতাৰ লালপুলত বিয়লি সংঘটিত হোৱা পথ দুৰ্ঘটনাত মুলেচা বেগম নামৰ এগৰাকী মহিলা নিহত হয় ৷ ঘাইপথটো পাৰ হ'বলৈ লওতেই ডাম্পাৰে মহতিয়াই নিয়ে মহিলা গৰাকীক। ইফালে সন্ধিয়া ৰৌতাৰ ৰাইনো ধাবাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি গুৰুতৰভাৱে আহত হ'ল এজনলোক। আহত লোকজন গুৱাহাটীৰ বেনু গোপাল দাস ৷ লোকজনক সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আনহাতে দুপৰীয়া ঝাৰগাঁওত চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকৰ খুণ্ডাত আহত হয় কমল সিংহ নামৰ আন এজন লোক ৷

উলেখ্য যে বুধবাৰেও ৪ টাকৈ পথ দুৰ্ঘটনা হৈছিল ঘাইপথটোত । বুধবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৮ জনকৈ লোক ।

লগতে পঢ়কঃ1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

ABOUT THE AUTHOR

...view details