অসম

assam

By

Published : Oct 20, 2019, 12:43 PM IST

ETV Bharat / state

টংলাত গড়কাপ্তানি পথ নিৰ্মানত ব্যাপক দূৰ্নীতি

পানেৰী, কলাইগাঁও আৰু ছিপাঝাৰ বিধান সভা সমষ্টি সংযোগী তথা দৰং-ওদালগুৰি জিলা সংযোগী অন্যতম ব্যস্ত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টংলা-মহলীয়াপাৰা গড়কাপ্তানী পথটোৰ নিৰ্মান কাৰ্য অতি লেহেমীয়া গতিৰে অব্যাহত ৰখিছে বিভাগৰ অনুমোদিত ঠিকাদাৰে ৷ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা পথটো পকীকৰণৰ পিছতেই চপৰা চপৰে এৰাইছে পিট্চ ৷

টংলাত গড়কাপ্তানি পথ নিৰ্মানত চৰম দূৰ্নীতি

টংলা, 20 অক্টোবৰঃ ৰাজ্যৰ শাসনাধিস্থ চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে যিমানেই মাত নামাতক কিয় ৰাজ্যৰ প্ৰায়বোৰ ক্ষেত্ৰতে অব্যাহত আছে চৰম দূৰ্নীতি ৷ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্যতম গুৰুত্বপূৰ্ণ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ নিৰ্মাণতো বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পানেৰী, কলাইগাঁও আৰু ছিপাঝাৰ বিধান সভা সমষ্টি সংযোগী তথা দৰং-ওদালগুৰি জিলা সংযোগী অন্যতম ব্যস্ত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ নিৰ্মান কাৰ্য অতি লেহেমীয়া গতিৰে অব্যাহত ৰখিছে গড়কাপ্তানি বিভাগৰ অনুমোদিত ঠিকাদাৰে ৷ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণৰ কাম অব্যাহত ৰখা পথটো পকীকৰণৰ পিছতেই চপৰা চপৰে এৰাই আহিছে পিট্চ ৷

টংলাত গড়কাপ্তানি পথ নিৰ্মানত চৰম দূৰ্নীতি

গড়কাপ্তানী বিভাগৰ অনুমোদিত ঠিকাদাৰৰ এনে নিম্নমানৰ কাৰ্যই ক্ষোভিত কৰিছে অঞ্চলটোৰ ৰাইজক ৷ লগতে অঞ্চলটোৰ বিধায়ক মহেশ্বৰ নেওঁগৰ লগতে গড়কাপ্তানি বিভাগকো এই দূৰ্নীতিৰ তাৎক্ষণিক বিচাৰৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details