অসম

assam

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ

By

Published : Sep 6, 2019, 6:59 PM IST

ওদালগুৰিত অব্যাহত এন আৰ চি বিৰোধী প্ৰতিবাদ । প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কোচ জনগোষ্ঠীয় লোকৰ ।

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ

ওদালগুৰি,6 চেপ্টেম্বৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তত এন আৰ চি চূড়ান্ত তালিকাক লৈ প্ৰতিবাদ অব্যাহত আছে । শুকুৰবাৰে ওদালগুৰিৰ ওৰাং থানাৰ অন্তৰ্গত নলবাৰী জংঘল ব্লক গাঁৱত অঞ্চলটোৰ কেইবা শতাধিক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিকৃতি আৰু এন আৰ চিৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অঞ্চলটোৰ বহুকেইখন গাঁৱৰ কেইবা শতাধিক ৰাইজে হাতে হাতে এন আৰ চিৰ প্ৰতিলিপি লৈ বিভিন্ন শ্ল'গানেৰে এন আৰ চিৰ চূড়ান্ত তালিকাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোকৰ নাম বাদ পৰাত ক্ষোভ ব্যক্ত কৰে ।

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ

ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি শ্ৰীবাস সিংহ আৰু সম্পাদক ব্ৰজেন কোচে এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন কোচ ৰাজবংশী লোকৰ নাম ঘৰে ঘৰে গৈ বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় । অন্যথা পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিবাদত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details