ওদালগুৰি, ২৩ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে আক্ৰাছুয়ে সংবাদমেল পাতি ঘোষণা কৰিলে লোকসভা নিৰ্বাচনত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক বৰ্জন কৰাৰ কথা । শনিবাৰে ওদালগুৰি ৰৌতাত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে এই কথা । দীৰ্ঘদিন ধৰিকোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে প্ৰতাৰণা কৰাৰ অভিযোগত শনিবাৰে সৰৱ হৈ পৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মন। আনকি সংগঠনটোৱে এই বৰ্ষত কোচ ৰাজবংশীসকলক প্ৰাৰ্থীৰ পৰিৱৰ্তে নটাত ভোট দিয়াৰ বাবে আহ্বান জনায়। কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে প্ৰতাৰণা কৰি অহাৰ বাবে এই বৰ্ষৰ নিৰ্বাচনত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰৱেশো নিষিদ্ধ কৰে বুলি মত প্ৰকাশ কৰে আক্ৰাছুয়ে । লগতে বাধা প্ৰদানৰ পিছতো যদি ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰে তেন্তে সেই অঞ্চলত ঘটা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আক্ৰাছু জগৰীয়া নহব বুলিও সকিয়নি দিয়ে আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে ।
কোঁচ ৰাজবংশীৰ ভোট যাব নেকি নটাত ! - আক্ৰাছু
লোকসভা নিৰ্বাচনত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক বৰ্জন কৰাৰ আহ্বান আক্ৰাছুৰ
কোঁচ ৰাজবংশীৰ ভোট যাব নেকি নটাত !
সংবাদমেলখনত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুমন্ত কোচ, কোচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ভাস্কৰ সিংহ, সম্পাদক অখিল ৰাজবংশীৰ লগতে বহু কেইজন কোচ ৰাজবংশী নেতাও উপস্থিত থাকে ।