অসম

assam

ETV Bharat / state

হাগ্ৰামাই প্ৰমীলাৰাণী ব্ৰহ্মক বলিৰ পঠা বনাব বিছাৰিছে- প্ৰমোদ বড়ো

ইউ পি পি এল দলৰ প্ৰাৰ্থীক মুকলিকৈ সমৰ্থনৰ আহ্বান এবছুৰ

By

Published : Mar 21, 2019, 3:46 PM IST

এবছুৰ সমাবেশ

ওদালগুৰি,২১ মাৰ্চ: পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত বৃহস্পতিবাৰে পুনৰ উত্তাল হ'ল ওদালগুৰিৰ কাবিৰালী । নিখিল বড়ো ছাত্ৰ সন্থাৰ কাবিৰালী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো সৰৱ হৈ পৰে চৰকাৰৰ বিৰুদ্ধে । ছাত্ৰ নেতাজনে পৃথক বড়ো ৰাজ্য গঠন নকৰা পর্যন্ত এবছু শান্ত নহয় বুলি ঘোষণা কৰে । আনহাতে সমাবেশত উপস্থিত থকা লোকসকলক আগন্তুক লোকসভা নিৰ্বাচনত ইউ পি পি এল দলৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰিক সমৰ্থন জনাই ভোট দিবলৈ আহ্বান জনায় । হাগ্ৰামাই প্ৰমীলা ৰাণী ব্ৰহ্মক বলিৰ প্ৰথা সজাব বিচাৰিছে বুলি অভিযোগ কৰি প্ৰমীলা ৰাণী ব্ৰহ্ম মন্ত্ৰী আৰু বিধায়ক হৈ থাকোতে দিব লগীয়া সকলো সন্মান জনোৱা হৈছে বুলি কয় ছাত্ৰ নেতাজনে ।

ইউ পি পি এল দলৰ প্ৰাৰ্থীক মুকলিকৈ সমৰ্থনৰ আহ্বান এবছুৰ

ABOUT THE AUTHOR

...view details