ওদালগুৰি, 3 এপ্ৰিল :লাঠিৰ কোবক লৈ বিগত দিনত সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৷ কিন্তু বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো একাংশৰ কাৰ্যকলাপে বিৰক্ত কৰি তোলে আৰক্ষীক ৷ উদ্দেশ্যহীনভাৱে ৰাজপথত পাইচাৰী দি থকা সকলক নাকী লগাবৰ বাবে উত্তম-মাধ্যম শোধাবলৈ বাধ্য হৈ পৰে প্ৰশাসন ৷ শুকুৰবাৰে ওদালগুৰিত দেখা পোৱা গ'ল এনে এক দৃশ্য কোনোবাই যদি চানগ্লাছ লগাই বাইক চলাই টিঘিলঘিলাই ফুৰিছে , আন কোনোৱে আকৌ লগ-ভাগ হৈ মাছ মাৰিবলৈ আহিছে ৷
তলাবন্ধৰ সময়ত অনাই বনাই বাইকেৰে ঘূৰি ফুৰা যুৱকজনৰ পিছে পিছে খেদে আৰক্ষীয়ে। অৱশেষত বাইকখনৰ পৰা জপিয়াই পথাৰৰ মাজেৰে পলায়ন কৰে যুৱকজনে। অৱশ্যে ধুম ছবিৰ খলনায়কৰ দৰে বাইকত অহা যুৱকজন আৰক্ষীৰ প্ৰহাৰৰ পৰা কোনো মতে ৰক্ষা পৰিলেও আৰক্ষীয়ে জব্দ কৰে যুৱকজনে চলাই অহা বাইকখনৰ চাবি।