ওদালগুৰি , 7 ডিচেম্বৰ :ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিন পাৰাত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে নিশা ১০ বজাত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়ং কুমাৰ, উপ আৰক্ষী অধীক্ষক মইদুল ইছলাম আৰু ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে গোপন তথ্যৰ আধাৰত ৰৌতা হবিবুৰ ৰহমানৰ ঘৰত চলাই অভিযান ।
আৰক্ষীয়ে অভিযানত জব্দ কৰে ২০ গ্ৰাম ড্ৰাগ্ছ আৰু ১৪ কেজি গাঞ্জা ৷ আটক কৰা লোক কেইজন হ'ল হবিবুৰ ৰহমান , দিলৱাৰ হুছেইন আৰু আবুবক্কৰ চিদ্দিক । অভিযানত লোকজনৰ ঘৰত বুজন সংখ্যক ড্ৰাগছ আৰু গাঞ্জা লাভ কৰে আৰক্ষীৰ দলটোৱে ।